শিৱসাগৰত মিত্ৰতা নকৰাত কংগ্ৰেছক আক্ৰমণ অখিলৰ, গৌৰৱ গগৈ আৰু বিজেপিৰ লগত সম্পৰ্কৰ অভিযোগ

ৰাইজৰ দলৰ নেতা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা নকৰাৰ বাবে তীব্ৰ সমালোচনা কৰি আহিছে। গত ছয়মাহ ধৰি তেওঁ কংগ্ৰেছক মিত্ৰতাৰ প্ৰস্তাৱ দি অহা সত্ত্বেও দলটোৱে কোনো গুৰুত্ব নিদিয়াটোৱে অখিলৰ ক্ষোভৰ কাৰণ হৈ পৰিছে। বিশেষকৈ গৌৰৱ গগৈয়ে ইচ্ছাকৃতভাৱে মিত্ৰতা বাধাগ্ৰস্ত কৰাৰ অভিযোগ তেওঁ উত্থাপন কৰিছে।

অখিল গগৈয়ে উল্লেখ কৰে যে শিৱসাগৰকে ধৰি ৬টা জিলা পৰিষদ সমষ্টিত আসন ভাগ-বতৰা কৰাৰ প্ৰস্তাৱ কংগ্ৰেছক দিয়া হৈছিল। কিন্তু কংগ্ৰেছে সকলো সমষ্টিতে প্ৰাৰ্থী দিয়াত অখিলে দলটোক “বিজেপিৰ সহযোগী” বুলি কটাক্ষ কৰিছে। তেওঁ কয়, “২০২১ৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছে বিজেপিৰ সৈতে মিলি মোৰ বিৰুদ্ধে প্ৰাৰ্থী দিছিল। এতিয়াও একেখন খেল চলি আছে।”

গৌৰৱ গগৈৰ ভূমিকা আৰু বিজেপিৰ সৈতে সম্পৰ্কৰ সন্দেহ:
অখিলে গৌৰৱ গগৈক মুখ্য লক্ষ্য কৰি কয়, “গৌৰৱে কংগ্ৰেছৰ সভাপতি হৈ থাকোঁতে আমাৰ সৈতে মিত্ৰতা হ’বলৈ নিদিয়ে। তেওঁৰ উদ্দেশ্য হ’ল ভূপেন বৰা আৰু মোৰ মাজৰ সম্পৰ্ক ভাল হ’বলৈ নিদি নিজৰ অস্তিত্ব ৰক্ষা কৰা।” তদুপৰি, শিৱসাগৰত কংগ্ৰেছৰ প্ৰাৰ্থী শুভমিত্ৰ গগৈ আৰু মনজিৰ গগৈক বিজেপিৰ লগত পৰোক্ষ সম্পৰ্ক থকাৰ সন্দেহত অখিলে আঙুলি তুলিছে। তেওঁ মন্তব্য কৰে, “একেজন ব্যক্তিয়ে গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োৰে প্ৰিয় হ’লে ৰাজনীতিৰ ৰহস্য গভীৰ হয়।”

  • Related Posts

    উত্তৰ অসমত ব্যস্ত ভূপেন বৰা, এতিয়া সীমা চেৰাই গৈছে, মিত্ৰতাৰ পৰিৱেশ বিনষ্ট হৈছে

    ভূপেন কুমাৰ বৰাই চিচিপথাৰ, ধেমাজি, চিলাপথাৰ, চিমেন চাপৰিত আজি ভূপেন কুমাৰ বৰাই নিৰ্বাচনী প্ৰচাৰ চলায়৷ কেইবাটাও নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ভূপেন বৰাই৷ দলীয় নেতা-কৰ্মীৰ সৈতে আলাপ-আলোচনাত মিলিত হৈ উত্তৰ অসমৰ…

    তিনি বছৰৰ মূৰকত ‘ইষ্টাৰ যুদ্ধবিৰতি’, ইউক্ৰেইনৰ বিৰুদ্ধে অস্থায়ী যুদ্ধবিৰতি ৰাছিয়াৰ

    ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা ৰক্তাক্ত যুদ্ধক তিনিবছৰৰ মূৰকত যুদ্ধ বিৰতি ঘোষণা কৰা হৈছে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে একপক্ষীয়ে যুদ্ধবিৰতি ঘোষণা কৰিছে৷ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ একপক্ষীয় ইষ্টাৰ যুদ্ধবিৰতি ঘোষণা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…