
প্ৰকৃতিৰ অসহনীয় কোপদৃষ্টিত বিপৰ্যস্ত হৈছে জম্মু-কাশ্মীৰৰ ৰামবান আৰু ৰিয়াচি জিলা। গতকেইদিনধৰি অবিৰত বৰষুণ, শিলাবৃষ্টি, ধুমুহা আৰু বজ্ৰপাতৰ পৰৱৰ্তী সময়ত হোৱা ভূমিস্খলন আৰু আকস্মিক বানপানীত ইতিমধ্যে ৫ গৰাকীৰ মৃত্যু হৈছে। দুৰ্যোগৰ ফলত শ শ নাগৰিক ঘৰ আৰু ৰাস্তাত আৱদ্ধ হৈ পৰিছে, বহু এলেকাৰ যোগাযোগ ব্যবস্থাও বিচ্ছিন্ন হৈছে।
প্ৰথমে ৰামবান আৰু ৰিয়াচি জিলাত তীব্ৰ শিলাবৃষ্টি আৰু ধুমুহাৰে আৰম্ভ হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ধাৰাবাহিকতাত পাহাৰীয়া ঢল নামি আহে। ৰামবানৰ চেৰী বাগনা গাঁৱত ডাৱৰ বিস্ফোৰণৰ পিছত হোৱা ভূমিস্খলনত আকিব আহমেদ আৰু মহম্মদ চাকিব নামৰ দুগৰাকী ভাতৃ নিহত হয়। আনহাতে, ৰিয়াচি জিলাৰ আনৰাছ অঞ্চলত বজ্ৰপাতৰ ফলত এগৰাকী মহিলাসহ দুগৰাকীৰ মৃত্যু হয়। ৰামবানৰ ধৰমকুণ্ড অঞ্চলত আকস্মিক বানপানীৰ ফলত বহু ঘৰ-দুৱাৰ উটি যায়, যাৰ ফলত অতিৰিক্ত শ খন পৰিয়াল গৃহহীন হৈছে। বৰ্তমান দুয়ো জিলাত মুঠ ডেৰ শতাধিক লোক উদ্ধাৰৰ বাবে অপেক্ষাত আছে।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা দল আৰু স্থানীয় প্ৰশাসনে উদ্ধাৰ কাৰ্য্যত ব্ৰতী হৈছে। এতিয়ালৈকে বহু লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি ক্ষতিগ্ৰস্ত সকলক তৎক্ষণাৎ সাহায্যৰ নিৰ্দেশ দিছে। তেওঁ কয়, “জীৱন আৰু সম্পত্তিৰ ক্ষয়ক্ষতি অতি বেদনাদায়ক। এই দুৰ্যোগৰ পৰিস্থিতি সামৰিবলৈ সকলো প্ৰচেষ্টা চলোৱা হৈছে।”
কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে জিলা প্ৰশাসনক আৰু অধিক সতৰ্কতা অৱলম্বন কৰি ক্ষতিগ্ৰস্তসকলক আৰ্থিক সহায়, ঔষধ-পানীয়ৰ যোগান ধৰিবলৈ নিৰ্দেশ দিছে। তেওঁ উপায়ুক্ত বাচিৰউল হক চৌধুৰীৰ সৈতেৰে যোগাযোগ কৰি প্ৰয়োজনীয় সাহায্যৰ আশ্বাস দিছে।
বানপানীৰ ফলত বহু ৰাস্তা ডুব গৈ যাতায়াত ব্যৱস্থা অচল হৈ পৰিছে। পাহাৰৰ পৰা নামি অহা ডাঙৰ ডাঙৰ শিল, মাটি আৰু গছৰ ডালে ৰাজপথ অবৰুদ্ধ কৰি পেলাইছে। বহু ঠাইত উদ্ধাৰ কাৰ্য্যত বাধাৰ সৃষ্টি হৈছে। চৰকাৰী প্ৰতিবেদনমতে, বৰ্ষণৰ পৰিমাণ কমিলেও আকৌ বৰষুণৰ সম্ভাৱনা থাকিলে পুনৰ ভূমিস্খলনৰ আশংকা আছে। নাগৰিকসকলক বিপদসংকুল এলেকালৈ যাতায়াত পৰিহাৰ কৰিবলৈ সতৰ্কতা জাৰি কৰা হৈছে।