
পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ জঘন্য আক্ৰমণৰ সন্দৰ্ভত প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰা ব্যক্তিক অসমবাসীয়ে কোনো কাৰণতে ক্ষমা নকৰে। এয়া সম্পূৰ্ণৰূপে দেশদ্ৰোহিতা হিচাপে বিবেচিত। এই বিষয়ত জড়িত কেইবাজনো লোকক অসম আৰক্ষীয়ে আটক কৰিছে। এওঁলোকে সামাজিক মাধ্যমত পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন আগবঢ়োৱাৰ তথ্য লাভ কৰা হৈছে। হাইলাকান্দিৰ জাবিৰ হুছেইন, শিলচৰৰ এ কে বাহাউদ্দিন, জাভেদ মজুমদাৰ, মৰিগাঁৱৰ মাজাহাৰ মিয়া ওৰফে মুজিহিৰুল ইছলাম, নগাঁৱৰ আমিনুল ইছলাম, শিৱসাগৰৰ চাহিল আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে৷ এইসকল নেতাই সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে এইসকলৰ তালিকা প্ৰকাশ কৰি কয় যে আমাৰ এই অভিযান চলি আছে। আৰু বিভিন্নজনক তথ্যৰ আধাৰত আইনৰ আওতালৈ অনা হ’ব।