গুৱাহাটীত চাৰি বামপন্থী দলৰ প্ৰতিবাদ, আমি চৰকাৰৰ সৈতে, সন্ত্ৰাসবাদীক কঠোৰ উত্তৰ দিয়ক

জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটৱাৰ বিৰুদ্ধে আজি ভাৰতীয় কমিউনিষ্ট পাৰ্টি চমুকৈ চিপিআই, ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী চমুকৈ চিপিআই-এম আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি –মাৰ্ক্সবাদী লেনিনবাদী চমুকৈ চিপিআই-এমএলৰ অধীনত গুৱাহাটীৰ ৰটাৰী ক্লাবৰ পইণ্টত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ তিনিওটা বামপন্থী দলৰ কেইবা শতাধিক লোকে হাতে হাতে লাল পতাকা লৈ সন্ত্ৰাসবাদ নিপাত যাওক, নৃশংস ঘটনাৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি ৰাজপথত প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গান দিয়ে৷ প্ৰতিবাদকাৰীসকলে কাশ্মীৰত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে দেশবাসীক একত্ৰিত হোৱাৰ আহ্বান জনাইছে। প্ৰতিবাদত উপস্থিত থাকি চিপিআইএমৰ সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে বাওঁপন্থী দল আৰু সংগঠনসমূহে এই কাৰ্যক কঠোৰ ভাষাত গৰিহণা দিয়ে আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে কঠোৰ স্থিতি ল’বলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। ভৱিষ্যতে এনে ঘটনা কেতিয়াও ঘটিব নোৱাৰে। তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক৷ আমি চৰকাৰক এনে আক্ৰমণ প্ৰতিহত কৰিবলৈ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰিবলৈ আহ্বান জনাইছো। আমি চৰকাৰৰ সৈতে আছো৷ মনোৰঞ্জন তালুকদাৰে লগতে সংবাদমাধ্যমত আৰু কয় যে জম্মু-কাশ্মীৰৰ দৰে এখন ঠাই, যি ঠাই মুখ্য পৰ্যটন স্থলী৷ পৰ্যটকৰ প্ৰচুৰ সমাৱেশ ঘটে৷ নিৰাপত্তাৰ ক্ষেত্ৰত অধিক শক্তিশালী হ’ব লাগিব। আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই আক্ৰমণ প্ৰতিৰোধ কৰাত কিয় ব্যৰ্থ হৈছে বুলি প্ৰশ্ন কৰি কয় যে আমি জানিব লাগিব যে চোৰাংচোৱা বাহিনীয়ে নেতৃত্ব লাভ কৰাত ব্যৰ্থ হৈছে৷ লগতে আৰক্ষীও ২ৰ পৰা ২.৫ ঘণ্টাতকৈও অধিক সময় ঘটনাস্থলীত উপস্থিত হোৱা নাছিল নিৰাপত্তাৰক্ষী। কাশ্মীৰ পৰ্যটকেৰে ভৰি থকা ঠাই। উপযুক্ত নিৰাপত্তা অবিহনে এনে ঠাই অসুৰক্ষিত হোৱাটো চিন্তাৰ বিষয়৷ দেশৰ জনসাধাৰণক সন্ত্ৰাসবাদৰ বিৰুদ্ধে একতা আৰু নিৰাপত্তাৰ বাবে সন্ত্ৰাসবাদৰ সন্মুখীন হৈ ঐক্যবদ্ধ হৈ থিয় দিবলৈ আহ্বান জনায়। চিপিআইএমৰ কেন্দ্ৰীয় সদস্য ইছফাকুৰ ৰহমানে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ সৈতে থকা বুলি প্ৰকাশ কৰি চোৰাংচোৱা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সন্দৰ্ভত চৰকাৰৰ বিফলতাৰ বিৰুদ্ধে তদন্তৰ দাবী জনায়।

  • Related Posts

    ধুবুৰীৰ চাপৰত আদানী প্ৰকল্পৰ বাবে ৩৫০০ বিঘা মাটিত বৃহৎ উচ্ছেদ অভিযান — উত্তপ্ত পৰিস্থিতি

    অসম চৰকাৰৰ উদ্যোগত আজিৰে পৰা নামনি অসমৰ ধুবুৰী জিলাৰ চাপৰত আৰম্ভ হৈছে ৰাজ্যৰ ইতিহাসৰ আটাইতকৈ বৃহৎ উচ্ছেদ অভিযান। আদানী গোটৰ প্ৰস্তাৱিত তাপ-বিদ্যুৎ প্ৰকল্পৰ বাবে ৩৫০০ বিঘা ভূমি খালী কৰিবলৈ ১০৬৯টা…

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে