শিলচৰ-শ্বিলঙৰ মাজত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, মোদী কেবিনেটৰ ২২ হাজাৰ কোটি টকা আৱণ্টন

উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে শিলচৰ আৰু শ্বিলঙৰ মাজত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ২২ হাজাৰ কোটি টকা আৱণ্টনৰ অনুমোদন প্ৰদান কৰিছে।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মেঘালয়ৰ মাওলিংখুঙৰ পৰা অসমৰ পঞ্চগ্ৰামলৈ ১৬৬.৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই গ্ৰীণফিল্ড ঘাইপথ হাইব্ৰিড এনুইটি মোড (Hybrid Annuity Mode)-ৰ অধীনত নিৰ্মাণ কৰা হ’ব আৰু ১৪৪.৮০ কিমি মেঘালয়ত আৰু ২২ কিমি অসমত অৱস্থিত হ’ব বুলি উল্লেখ কৰিছে।

এই ঘাইপথ ৰাষ্ট্ৰীয় ঘাইপথ-০৬ (NH-06)-ৰ অন্তৰ্গত হৈ থাকিব আৰু শিলচৰ, শ্বিলঙ আৰু গুৱাহাটীৰ মাজত উচ্চ গতিৰ সংযোগ স্থাপন কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আদিৰ সৈতে সংযোগ সুনিশ্চিত কৰিব।

কেবিনেটৰ এই সিদ্ধান্তৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ বিজেপি সভাপতি দিলীপ শইকীয়াই প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পক “উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ঐতিহাসিক পদক্ষেপ” বুলি অভিহিত কৰে।

এই উচ্চ গতিৰ কৰিডৰটোৱে স্থানীয় উদ্যোগ, বিশেষকৈ চিমেণ্ট আৰু কয়লাৰ বিকাশৰ বাবে সহায়ক হ’ব বুলি আশা কৰা হৈছে। লগতে এই পথ প্ৰকল্পে ভাৰতৰ পূব গেটৱে’ হিচাপে পৰিচিত উত্তৰ-পূবৰ সামগ্ৰিক বাণিজ্য আৰু পৰ্যটন খণ্ডত নতুন দিশ দিৱ বুলি আশা প্ৰকাশ কৰা হৈছে।

এই পথ নতুনকৈ ঘাইপথ-২৭, NH-106, NH-206, NH-37 আদি মুখ্য ৰাষ্ট্ৰীয় পৰিবহণ ৰুটৰ সৈতে সংযোগ স্থাপন কৰিব, যাৰ জৰিয়তে ডিয়েংপাসোহ, উম্মুলং, খলিহৰিয়ত, ৰাতাচেৰা, কালাইন আদিৰ দৰে চহৰসমূহৰ লগতে গুৱাহাটী, শ্বিলং আৰু শিলচৰৰ সৈতে শক্তিশালী যোগাযোগ গঢ়ি উঠিব।

নতুন ৰাষ্ট্ৰীয় ঘাইপথে ভ্ৰমণ সময় আৰু দূৰত্ব যথেষ্ট পৰিমাণে হ্ৰাস কৰি ভৱিষ্যতৰ আন্তঃৰাজ্যিক লগত সংযোগ আৰু মাৰ্কেট এক্সেছ অধিক সহজ কৰি তুলিব।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ