ফুলগুৰি ধেৱাত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শনঃ অখিলক পাগল, হিমন্তক ‘দুৰ্যোধন-ৰাৱন-ল’ৰা ৰজা’ৰ সৈতে তুলনা

উত্তৰ অসমৰ ঐতিহাসিক ফুলগুৰি ধেৱাত আজি অনুষ্ঠিত হ’ল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত আয়োজিত ‘সংবিধান বচাও ৰেলী’, য’ত হাজাৰ হাজাৰ কংগ্ৰেছ সমৰ্থকৰ উপস্থিতি দেখা গৈছিল। সমষ্টিত পুনৰ সাংগঠনিক মজবুতিত লক্ষ্য ৰাখি আয়োজিত এই সভাত বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কংগ্ৰেছে তীব্ৰ আক্ৰমণ চলায়।

অসম কংগ্ৰেছৰ তত্বাৱধায়ক তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে বক্তৃতাৰ সময়ত কয়, “বিজেপিয়ে দেশৰ সংবিধান ধ্বংস কৰিব খোজে, আৰু নিজৰ সংবিধান কার্যকৰী কৰিবলৈ চেষ্টা কৰি আছে। হিমন্ত শৰ্মাৰ চৰকাৰে প্ৰতিগৰাকী শিশুৰ মূৰত ৫০ হাজাৰ টকাকৈ ঋণ জাপি দিছে।”

মহিলা কংগ্ৰেছ সভানেত্ৰী মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰীৰ সাম্প্ৰতিক মন্তব্যত প্ৰতিবাদ জনাই কয়, “অসমৰ নাৰী সমাজক অপমান কৰা মন্তব্য কোনোমতেই ক্ষমাযোগ্য নহয়। কংগ্ৰেছ চৰকাৰ আহিলেই ইয়াৰ উপযুক্ত বিচাৰ হ’ব।”

ইপিনে, অসম কংগ্ৰেছ সভাপতি ভূপেন বৰাই আজিৰ সভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈক ‘পাগল’ আখ্যা দিয়ে। তেওঁ কয়, “অখিল গগৈয়ে গাড়ী ক’ৰ পৰা কিনিলো বুলি যি প্ৰশ্ন কৰিছিল, তাৰ কোনো অৰ্থ নাই। মই গাড়ী ৫-৬ বছৰে কিনা নাই। অহা বছৰত মই চৰকাৰী গাড়ী চলাম।”

ভূপেন বৰাই লগতে কংগ্ৰেছৰ ভোট ভাগ কৰি বিজেপিক সহায় কৰাৰ অভিযোগ উত্থাপন কৰি কয়, “শিল ভাঙিবলৈ ষ্টোন ক্ৰেচাৰ আছে, আৰু ভোট ভাঙিবলৈ এতিয়া ভোট ক্ৰেচাৰ ওলাইছে।”

সৰ্বাধিক গুৰুতৰ ভাষ্য প্ৰকাশ কৰে ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মাৰ ‘নাৰী অপমান’ মন্তব্যৰ প্ৰতিক্ৰিয়াত। তেওঁ কয়, “হিমন্ত বিশ্ব শৰ্মাই নাৰী অপমানৰ ক্ষেত্ৰত দুৰ্যোধন, ৰাৱন, আৰু ল’ৰা ৰজাৰ পথ অনুসৰণ কৰিছে। তেওঁক চাৰি নম্বৰ অপমানকাৰী হিচাপে ইতিহাসত স্মৰণ কৰা হ’ব।”

ভূপেন বৰাই যোগ কৰে, “চাকৰি লোৱা নাৰীসকলৰ সততা আৰু কৃতিত্বৰ ওপৰত সন্দেহৰ ছাঁ পেলাই অসমৰ মহিলা সমাজক যি অপমান কৰা হৈছে, তাৰ ফলাফল মুখ্যমন্ত্ৰীয়ে আগন্তুক দিনত অনুভৱ কৰিব লাগিব।”

এই সভাত লোকসভাৰ উপ-বিৰোধী দলনেতা গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়ক ৰকিবুল হুছেইন, কংগ্ৰেছৰ সম্পাদক বিকাশ উপাধ্যায়, মনোজ চৌহান, নুৰুল হুদা, শিৱামণি বৰা, বেদব্ৰত বৰা, ৰাতুল কলিতা, উৎপল বনীয়া আদি নেতাসকল উপস্থিত থাকে।

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ