
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে পঞ্চায়ত নিৰ্বাচনত ফলাফল ঘোষণা হৈ থকাৰ সময়তে পুনৰ বিৰোধী ঐক্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ বিৰোধীৰ দুৰ্বল প্ৰদর্শনৰ বাবে কংগ্ৰেছ দলক দায়ী কৰিছে লুৰীণজ্যোতি গগৈয়ে। বিজেপি-বিৰোধী শক্তিবোৰৰ মাজত সমন্বয় আৰু ঐক্যৰ অভাৱৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল বিৰোধীৰ বাবে আশাজনক নহয় বুলি কয় গগৈয়ে৷ গগৈয়ে সংবাদমাধ্যমৰ সৈতে মুখামুখি হৈ কয় যে বিজেপি-বিৰোধী শক্তিবোৰে যদি একত্ৰিত হ’ব পৰা নোৱাৰে, তেন্তে ইয়াৰ ফল স্বৰূপ বিজেপিয়ে সহজে জয় অৰ্জন কৰিব। এই নিৰ্বাচনত এনেকুৱাই হৈছে৷ চূড়ান্ত ফলাফল আজি ঘোষণা হোৱাৰ পিছত জানিব পৰা যাব৷ গগৈয়ে স্পষ্টকৈ কয় যে আমাৰ দেশৰ নিৰ্বাচনসমূহ অধিক আকৰ্ষনীয় তথা দুপক্ষীয় হ’বলৈ ধৰিছে৷ এটা দিশত বিজেপি আনটো পক্ষত বিৰোধী। এনে পৰিস্থিতিত বিৰোধীৰ ভিতৰৰ ভাঙোন আত্মঘাতী। বিশেষকৈ কংগ্ৰেছে এই ক্ষেত্ৰত সচেতনতা আৰু দায়িত্বশীল হৈ দেখুৱাব লাগিব। খোৱাঙ বিধানসভা সমষ্টিৰ নাহৰণি জিলা পৰিষদত এজেপিৰ আৰু কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীয়ে পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰিলে৷ যাৰ ফলত বিজেপি-অগপই বিজয় লাভ কৰে। শদিয়া সমষ্টিৰ অন্তৰ্গত ছাইকোৱা আৰু কুণ্ডিল আদি ঠাইতো একেটা পৰিস্থিতি সৃষ্টি হৈছে৷ য’ত এজেপিয়ে কংগ্ৰেছক ৫০-৫০ আসন ভাগ-বাটোৱাৰ কৰাৰ প্ৰস্তাৱ দিছিল, কিন্তু কংগ্ৰেছে সেই প্ৰস্তাৱ নাকচ কৰিলে। যদি কংগ্ৰেছে আমাৰ প্ৰস্তাৱ মানি ল’লেহেঁতেন, পৰিস্থিতি সম্পূৰ্ণ ভিন্ন হ’লহেঁতেন। কিছুমান ঠাইত আমি কেৱল এটা জিলা পৰিষদতেই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সন্মত হৈছিলো আৰু তিনিটা কংগ্ৰেছক দিয়াৰ প্ৰস্তাৱ দিছিলো। কিন্তু য’ত আমি শক্তিশালী তাত কংগ্ৰেছে আমাক মান্যতা দিব লাগিছিল। ধেমাজি-১ জিলা পৰিষদত আৰু বৰদলনি জিলা পৰিষদতৰ উদাহৰণ হিচাপে লৈ লুৰীণে আৰু কয় যে এজেপি আৰু কংগ্ৰেছৰ ভোট বিভাজনৰ ফলত অগপৰ প্ৰাৰ্থী জয়ী হৈছে। ডিগবৈ আৰু মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বুড়িডিহিং আৰু পুৰণিপুখুৰী জিলা পৰিষদত কেটা পৰিস্থিতি দেখা গৈছে। শাসক দল বিজেপিয়ে চৰকাৰী যন্ত্ৰক অপব্যৱহাৰ কৰি ভোটাৰসকলক ভয়-ভীতি দেখুৱাইছে। এই সময়ত গণতান্ত্ৰিক চর্চাৰ বাবে কঠিন সময়। শাসক দলৰ তৰফৰ পৰা ভোটাৰক ভয় দেখুৱাই, বিজেপিক ভোট নিদিলে আঁচনিৰ কৰ্তন কৰাৰ ভাবুকি দিছিল৷ এয়া গণতান্ত্ৰিক নহয়৷ এনে পৰিস্থিতিত বিৰোধীৰ ভাঙোন, বিভাজন অতি বিপজ্জনক। একতাবদ্ধ আৰু সহযোগিতাপূৰ্ণ বিৰোধী ঐক্য গঢ়াটো জৰুৰী।