৭১ত পাকিস্তানে জমা দিয়া বন্দুককেইটা ১০টাকৈ গুলী ভৰাই আমাক দিয়কঃ বেলুচ আৰ্মী

পাকিস্তানৰ বেলুচিস্তান অঞ্চলৰ স্বাধীনতা দাবীত বিদ্ৰোহ কৰি অহা বেলুচিস্তান লিবাৰেচন ফ্ৰণ্ট চমুকৈ বিএলএফে শেহতীয়াকৈ পুনৰবাৰ সক্ৰিয় হৈছে৷ বেলুচ জাতিতাত্ত্বিক বিচ্ছিন্নতাবাদী সশস্ত্ৰ গোটে বেলুচিস্তান অঞ্চলৰ মুক্তিৰ দাবীত দীৰ্ঘকালে বিদ্ৰোহ কৰি গৈছে৷ ইৰানৰ সিস্তান আৰু বেলুচিস্তান প্ৰদেশত ১৯৬৮–১৯৭৩ সময়চোৱাত আৰু পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত ১৯৭৩–১৯৭৭ সময়চোৱাত বিদ্ৰোহী গোটক দমন কৰা হৈছিল যদিও ২০০৪ চনত পুনৰ সক্ৰিয় হয়৷ ডা০ আল্লা নজৰ বেলুচে এই গোটৰ নেতৃত্ব গ্ৰহণ কৰি পাক সেনা, মিলিটাৰী ইণ্টেলিজেঞ্চ আৰু ইণ্টাৰ-চাৰ্ভিচ ইণ্টেলিজেঞ্চৰ সদস্য, চৰকাৰী বিষয়াৰ ওপৰত হোৱা আক্ৰমণসমূহৰ দায়িত্ব স্বীকাৰ কৰি আহিছে। শেহতীয়াকৈ বিএলএফে পাকিস্তানৰ বিৰুদ্ধে যুঁজ পুনৰ ত্বৰান্বিত হৈছে৷ ভাৰত-পাকিস্তানৰ মাজ উত্তেজনা অব্যাহত থকাৰ সময়তে বিএলএফৰ কমাণ্ডাৰ ডা০ আল্লা নজৰে আজি এটা ভিডিঅ’ মুকলি কৰি ভাৰতৰ সহায় বিচাৰিছে৷ কমাণ্ডাৰ ডা০ আল্লা নজৰে বেলুচিস্তানৰ স্বাধীনতাৰ সংগ্ৰামত পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ পৰা সহায় বিচাৰি কয় যে তেওঁলোকে পাকিস্তানী সেনাৰ বিৰুদ্ধে যুঁজিবলৈ সাজু, কাৰণ পাকিস্তানী সেনাই অবৈধভাৱে বেলুচিস্তান দখল কৰি ৰাখিছে আৰু বেলুচ জনগণৰ ওপৰত নিৰন্তৰ অত্যাচাৰ চলাই আছে। কেৱল ভাৰতেই নহয়, ইৰান আৰু আফগানিস্তানৰো সহায় কৰা উচিত। আল্লা নজৰে যুক্তি দি কয় যে এই তিনি দেশেই প্রতিবেশী হোৱাৰ বাবে সহায় কৰাটো নৈতিক দায়িত্ব। ডা০ আল্লা নজৰে এক ভিডিঅ’ প্ৰকাশ কৰি কয় ‘ভাৰত যদি আমাক সহায় নকৰে, তেন্তে কেৱল সেই বন্দুকবোৰ দিয়ক যিবোৰ ১৯৭১ চনৰ যুদ্ধত পাকিস্তানৰ সেনাই ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিছিল৷ সেই সময়ত পাকিস্তানৰ ৯৩ হাজাৰ সেনাই আত্মসমৰ্পণ কৰিছিল আৰু সেই বন্দুকবোৰৰ প্ৰত্যেকটোত যদি কেৱল ১০টা গুলী ভৰাই দিয়ে, আমি সেইবোৰেৰে দেখুৱাম কিদৰে পাকিস্তানক প্ৰত্যুত্তৰ দিয়া যায়। বেলুচিস্তানৰ স্বাধীনতাৰ বাবে আমাক মিছাইল বা নিউক্লিয়াৰ বোমাৰ প্ৰয়োজন নাই। পাকিস্তানে সদায় কৈ আছে যে বিএলএফে ইৰান, আফগানিস্তান আৰু ভাৰতৰ পৰা সহায় পায়। যদি সেই কথা ঠিক হয়, তেন্তে মই আজিৰ পৰা আপোনালোকক সক্ৰিয়ভাৱে আমাৰ এই ন্যায়সঙ্গত সংগ্ৰামত সহায় কৰিবলৈ আহ্বান জনাইছো। এটা প্রতিবেশী দেশ হিচাপে সহায় কৰা আপোনালোকৰ দায়িত্ব।” ভাৰত-পাকিস্তানৰ মাজত সাম্প্ৰতিক সংঘৰ্ষৰ পাছত বেলুচিস্তানৰ বিদ্ৰোহী গোটসমূহ অধিক সক্ৰিয় হৈ পৰিছে। এই গোটবোৰে উত্তেজনাক সুযোগ হিচাপে লৈ পাকিস্তানী সেনাৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে। বেলুচিস্তানৰ বহু অঞ্চলত বিদ্ৰোহী গোটসমূহে স্বাধীনতাৰ পতাকা উৰুৱাই বিশ্বাস কৰিছে যে এই সময়খিনি পাকিস্তানী সেনাৰ বিৰুদ্ধে যথাযথ প্ৰতিবাদ প্ৰদৰ্শনৰ উত্তম সময়। উল্লেখযোগ্য যে, বেলুচিস্তানত বহুদিন ধৰি পাকিস্তানৰ বিৰুদ্ধে আন্দোলন চলি আহিছে। বহু গোটে সশস্ত্ৰ বিদ্ৰোহ ঘোষণা কৰিছে। যদিও পাকিস্তানী সেনাই এই আন্দোলনসমূহ কঠোৰভাবে দমন কৰিছে৷ তথাপিও সেনা প্ৰধান আছিম মুনিৰ আৰু প্ৰধানমন্ত্ৰী শ্বেহৱাজ শ্বৰীফৰ উদ্বেগ বাঢ়িছে।

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ