
আজি দীৰ্ঘ সময়ৰ অন্তত অখিল গগৈয়ে পৱিত্ৰ মাৰ্ঘেৰিটাক তীব্ৰ আক্ৰমণ কৰিছে৷ পৱিত্ৰ মাৰ্ঘেৰিটাৰ দৰে মানুহক মই গুৰুত্ব নিদিও বুলি কটুক্তি কৰিছে৷ আজি সংবাদমাধ্যমৰ লোকৰ সৈতে মুখামুখি হৈ পৱিত্ৰ মাৰ্ঘেৰিটাৰ কথাবিলাকক মই ইমান গুৰুত্ব নিদিও৷ অখিল গগৈয়ে পৱিত্ৰ মাৰ্ঘেৰিটাক ভিচিডি কৰা মানুহ আছিল, ভিচিডি চিত্ৰনাট্য কৰি থকা মানুহ আছিল আৰু জুবিন গাৰ্গৰ মেনেজাৰ আছিল বুলি কয়৷
অখিল গগৈয়ে বিজেপি দলত কোনো আহোম নেতা নাই যে উপায় নাপায় মানুহে পুখুৰীত পৰিলে যেনেকৈ কূটাদালত ধৰে তেনেকৈ পৱিত্ৰ মাৰ্ঘেৰিটাক বিজেপিয়ে লৈছে৷ বিজেপিক মানুহে বৰ্ণবাদী, অকল ব্ৰাহ্মণৰ কাৰণে কথা কয় বুলি সমালোচনা হোৱাত পৱিত্ৰক অকণমান আনিবলৈ চেষ্টা কৰে৷ অখিল গগৈয়ে কয় যে পৱিত্ৰই হিমন্ত বিশ্ব শৰ্মাৰ অলপ মৰম পাইছে৷ সকলোৱে জানে পৱিত্ৰ মাৰ্ঘেৰিটাক ভাল পাই বিজেপিলৈ অনা নাই৷ সকলোৱে জানে হিমন্ত বিশ্ব শৰ্মা এজন সাম্প্ৰদায়িক আৰু বৰ্ণবাদী মানুহ৷ পৱিত্ৰ মাৰ্ঘেৰিটাক ভাল পাই অনা নাই৷ যদি হিমন্ত বিশ্ব শৰ্মাক বেছিকৈ ব্ৰাহ্মণ বুলি সমালোচনা হয় তেতিয়াহ’লে পৱিত্ৰ মাৰ্ঘেৰিটাক দেখুৱাই দিব৷ পৱিত্ৰ মাৰ্ঘেৰিটাৰ মাল নাই৷ মাল নথকা মানুহকে মাল থকা বুলি দেখুৱাব খুজিছে৷ চৰকাৰ থাকিলে সৰু মানুহকো ডাঙৰ বুলি দেখুৱাই দিব পাৰে৷ এতিয়া মানুহে কৈ থাকে পৱিত্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰীয় মন্ত্ৰী হৈ গ’ল৷ কিন্তু কেন্দ্ৰৰ ৰাজ্যিক মন্ত্ৰীয়ে কেতিয়াও ফাইল চুবলৈ নাপায়৷ কিছুমান ৰাজ্যিক মন্ত্ৰী আছে নিজৰ বিভাগৰ কেবিনেট মন্ত্ৰীজনৰ নামো নাজানে৷ পৱিত্ৰ ককাইদেউে জানিব৷ তেওঁ টেঙৰ আৰু শিয়ান আছে৷ গৈছে ক’লৈ ফিজিলৈ৷ অসমীয়া মানুহে নাজানে আন্তঃৰাষ্ট্ৰীয় ষ্টেণ্ডাৰ্দ কি? য’ত কোনো এজন কেবিনেট মন্ত্ৰীৰ সময় নাথাকে তাত পৱিত্ৰ মাৰ্ঘেৰিটাক পঠিয়াই দিয়ে৷ তাত গৈ অসমীয়া গামোচা এখন পিন্ধাই দিয়ে তাকে দেখি অসমীয়া মানুহে জাপ মাৰি থাকে বুলি কয় অখিল গগৈয়ে৷ আনহাতে, গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে পাক সংযোগক লৈ আক্ৰমণাত্মক হৈ থকাৰ সময়তে আজি পুনৰবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে সাংসদ গৌৰৱ গগৈৰ গাৰ নোম এডালো লৰাব নোৱাৰে বুলি দাবী কৰিছে৷ গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্ক আৰু সাংসদগৰাকীৰ দুই সন্তানৰ নাগৰিকত্বক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰি অহা ধাৰাবাহিক আক্ৰমণৰ বিপৰীতে গৌৰৱ গগৈৰ পক্ষত থিয় দি অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে গাৰ নোম এডালো লৰাব নোৱাৰে সাংসদ গৌৰৱ গগৈৰ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ভূপেন বৰাই সভাপতি পদত বাহাল থকাতো কামনা কৰি অখিল গগৈয়ে কয় যে গৌৰৱ গগৈ হ’ব লাগে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী।