অসমত তিনিজন মানুহে সকলো সুবিধা পায়: মিত্ৰতাৰ পক্ষে গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদ্য নিযুক্ত সভাপতি গৌৰৱ গগৈয়ে আজি ৰাজীৱ ভৱনত এখন সংবাদমেলত অসমৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতি আৰু কংগ্ৰেছৰ সংগঠনৰ দিশত চলি থকা পদক্ষেপসমূহ সন্দৰ্ভত বিস্তৃত মন্তব্য আগবঢ়ায়। মিত্ৰতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ অৱস্থান প্ৰকাশ কৰি তেওঁ কয়, “নাগৰিক সমাজে সকলো বিৰোধী দলক এক হৈ নিৰ্বাচনত অংশ ল’বলৈ আহ্বান জনাইছে। মই আগতে কৈছোঁ, এই যুঁজটো একেলগে লড়াটো সময়ৰ দাবী।”

গগৈয়ে কয় — “আমাৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহৰ বিপক্ষে এককভাৱে যুঁজ দিয়া উচিত। অসমৰ ৰাইজ, নৱপ্ৰজন্ম, বুদ্ধিজীৱি, খেতিয়ক, শ্ৰমিকসকলৰ আশীৰ্বাদৰ প্ৰয়োজন। আমি সকলোৱে মিলি এক হ’ব লাগে।”

“তিনিজন-চাৰিজনে সুবিধা পায়, বাকী ৰাইজ উপেক্ষিত”

অসমৰ বৰ্তমান চৰকাৰক সমালোচনা কৰি গগৈয়ে অভিযোগ কৰে — “আজিৰ অসমত ম’ন’প’লি হৈছে। তিনি-চাৰিজনে সকলো সুবিধা পাইছে। কাম, উন্নয়ন, সুযোগ—সকলো সেই সমষ্টিকেই লোকৰ হাতত। ঠিকা-কামত স্থানীয় লোকে সুযোগ নাপায়। আমি বিকেন্দ্রীকৰণ বিচাৰো, সকলোকে সুযোগ দিয়ক, সকলো ধনী হ’ব পৰা পৰিৱেশ দিব লাগে।”

গগৈয়ে বিজেপি চৰকাৰৰ ওপৰত দুৰ্বলতাৰ অভিযোগ তুলি কয় — “হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ ধন-প্ৰভাব ভিত্তিক চৰকাৰ চলাইছে, তাৰ উদ্দেশ্য মাত্ৰ এজন ব্যৱসায়ীক সন্তুষ্ট কৰা। এই ৰাজ্যৰ জনজাতীয় ভূমিও এতিয়া সেই ব্যৱসায়ীৰ হস্তগত কৰিবলৈ চেষ্টা চলিছে।”

আদানী সন্দৰ্ভত কংগ্ৰেছৰ অভিযোগ

গগৈয়ে সৰলভাৱে কয় — “হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ কোম্পানীৰ মালিকক সন্তুষ্ট কৰি নিজৰ গাদী ৰক্ষা কৰিবলৈ প্ৰচেষ্টা কৰিছে। প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ সেই ব্যৱসায়ীক সকলো দিয়ে ক’লা-পেধলা নিয়মৰ তোয়াক্কা নকৰাকৈ। আদানী সম্পৰ্কীয় চুক্তিৰ মাজেৰে জনজাতি ভূমি বিক্ৰিৰ ষড়যন্ত্ৰ চলিছে।”

মুখ্যমন্ত্ৰী সলনি হোৱাৰ সম্ভাৱনাৰ ইঙ্গিত

আসন্ন নিৰ্বাচনৰ আগতে মুখ্যমন্ত্ৰী সলনি হোৱাৰ সম্ভাৱনাৰ উল্লেখ কৰি গগৈয়ে কয় — “বিজেপিৰ ভিতৰতে এতিয়া আলোচনা চলি আছে যে সৰ্বানন্দ সোণোৱালক পুনৰ মুখ্যমন্ত্ৰী কৰা হ’ব পাৰে। আদানীৰ কোম্পানীৰ সন্তুষ্টিৰ বাবেই দিল্লীত তেওঁক ৰাখিবলৈ সদৌ নিয়ম ত্যাগ কৰি সকলো সুবিধা আগবঢ়োৱা হৈছে।”

ধুবুৰী কাণ্ড সন্দৰ্ভত মন্তব্য

ঈদৰ দিনা ধুবুৰীৰ এটা মন্দিৰত গা-মাংস ৰখাৰ অভিযোগক লৈ উত্তপ্ত পৰিস্থিতিৰ মাজত মুখ্যমন্ত্ৰীয়ে গুলী কৰাৰ নিৰ্দেশ দিয়াৰ ঘটনাত গগৈয়ে সামাজিক মাধ্যমযোগে কয় — “দুষ্কৃতিকাৰীক কৰায়ত্ত কৰি শাস্তি দিয়াটো প্ৰয়োজন, কিন্তু তাৰ নামত কোনো নিৰীহ লোক যাতে হয়ৰান নহয় তাৰো প্ৰশাসনে যত্ন ল’ব লাগিব। কোনো ধৰণৰ উগ্ৰ, প্ৰৰোচনামূলক মন্তব্যৰ পৰিৱৰ্তে সংযম, বিশ্বাস, সম্প্ৰীতি বজাই ৰাখাটো সময়ৰ প্ৰয়োজন।”

সংগঠন শক্তিশালীকৰণৰ পদক্ষেপ

গগৈয়ে সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ বাবে কংগ্ৰেছৰ পৰ্যবেক্ষক নিযুক্তিৰ বিষয়ে মন্তব্য কৰে —
“মই সভাপতি হিচাপে দায়িত্ব লৈ সংগঠনৰ স্থিতি জানিব বিচাৰিছোঁ। সেই উদ্দেশ্যে জ্যেষ্ঠ আৰু নতুন প্ৰজন্মৰ নেতাসকলক পৰ্যবেক্ষক হিচাপে জিলাসমূহত পঠিয়াইছোঁ। তেওঁলোকে ইতিমধ্যে খবৰ সংগ্ৰহ কৰিছে, আৰু ১৮ জুনত প্ৰতিবেদন জমা দিব।”

তেওঁ দাবী কৰে — “পৰ্যবেক্ষকসকলে যেতিয়া সমষ্টিসমূহলৈ গৈছে, তেতিয়া শতাধিক লোক তেওঁলোকৰ লগত দেখা কৰিছে। ই কামৰ সফলতাৰ এটা স্পষ্ট সংকেত। তৃণমূল পৰ্যায়ৰ নেতাসকলৰ উৎসাহ উল্লেখযোগ্য।”

  • Related Posts

    চি এম ভিজিলেন্সক ব্যক্তিগত বাহিনীৰ দৰে ব্যৱহাৰ, ৰাজনৈতিক যড়যন্ত্ৰৰ অভিযোগ অজিত ভূঞাৰ,

    ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই মুখ্যমন্ত্ৰীৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, “চি এম ভিজিলেন্সক মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে ব্যক্তিগত বাহিনীৰ দৰে ব্যৱহাৰ কৰিছে।” তেওঁ স্পষ্টকৈ কয়,…

    হিমন্ত বিশ্ব শৰ্মা ‘ফ্লাইঅভাৰৰ চিএম’, ৰাজ্যৰ ৮ খন থানা আজিও অচল, নামতহে চলি আছে ১২খন আৰক্ষী চকী

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগ সঠিকভাৱে পৰিচালনা কৰাত ব্যৰ্থ হৈছে। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰক্ষী আধুনিকীকৰণৰ বাবে দিয়া পুঁজিৰ সঠিক ব্যৱহাৰ হোৱা নাই। ২০১৮ চনৰ পৰা ২০২৪ চনৰ ভিতৰত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ