চি এম ভিজিলেন্সক ব্যক্তিগত বাহিনীৰ দৰে ব্যৱহাৰ, ৰাজনৈতিক যড়যন্ত্ৰৰ অভিযোগ অজিত ভূঞাৰ,

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই মুখ্যমন্ত্ৰীৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, “চি এম ভিজিলেন্সক মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে ব্যক্তিগত বাহিনীৰ দৰে ব্যৱহাৰ কৰিছে।” তেওঁ স্পষ্টকৈ কয়, “কোনো কাৰণতে মোৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰি। অসমত হোৱা একমাত্ৰ ডাঙৰ কেলেংকাৰী মই কৰা বুলি প্ৰচাৰ এটা ৰাজনৈতিক যড়যন্ত্ৰ।”

উল্লেখযোগ্য যে, সোমবাৰে দিনৰ ভাগত মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ আৰু তদাৰকী কোষ (চি এম ভিজিলেন্স)ৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ সাংসদ ভূঞাক নিৰ্দেশ দিয়া হৈছিল। তেওঁ কয়, “আইনক সকলো ক্ষেত্ৰত সহযোগিতা কৰাৰ মনোভাৱে মই আজি কাৰ্যালয়ত উপস্থিত হৈছে। ২০২২ চনত সাংসদ পুঁজিক লৈ কেলেংকাৰীৰ অভিযোগ উঠিছিল, তেতিয়া মই চৰকাৰক মুখামুখি প্ৰত্যাহ্বান জনাইছিলো। মই তেতিয়াই কৈছিলো, অনুসন্ধান হ’লে মই সমৰ্থন কৰিম। কালি হঠাতে এখন চমন আহিল, আজিৰ ভিতৰত হাজিৰ হ’বলৈ কৈছিল, সেয়ে মই আহিছো।”

সাংসদ ভূঞাই লগতে কয়, “অকলশৰীয়া যুঁজ দিয়া মানুহ মই। এগৰাকী সাংসদক এনেদৰে লক্ষ্য কৰা অনুচিত। বহু বিজেপি সাংসদৰ ওপৰত গম্ভীৰ অভিযোগ উঠিছে, সংবাদ মাধ্যমত প্রকাশ পোৱা হৈছে, কিন্তু তেওঁলোকৰ বিৰুদ্ধে কোনো পদক্ষেপ নাই। কেবল অজিত ভূঞাই যেন ডাঙৰ কেলেংকাৰী কৰিছে বুলি প্ৰচাৰ চলোৱা হৈছে।”

ইফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীৰ চি এম ভিজিলেন্সৰ ভূমিকা সন্দেহজনক বুলি আখ্যা দিয়ে। তেওঁ কয়, “চি এম ভিজিলেন্স এতিয়া হাস্যকৰ বিষয় হৈ পৰিছে। উমৰাংছু কয়লা ছিণ্ডিকেট, মাৰ্ঘেৰিটাৰ অবৈধ কয়লা সৰবৰাহ, চুপাৰী ছিণ্ডিকেট আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ উপেক্ষা কৰি আছে। পানীখাইটি-মাটিখাইটি কাণ্ডৰ ওপৰতো দৃষ্টি নিদিয়া হৈছে।”

গগৈয়ে লগতে মন্তব্য কৰে যে, “বিৰোধী দলসমূহ একত্ৰিত হ’লে মুখ্যমন্ত্ৰীয়ে আক্ৰোশমূলকভাৱে হেঁচা প্ৰয়োগ আৰম্ভ কৰে। ৰাজ্যৰ হাইৱে কেলেংকাৰী কাণ্ডতো চি এম ভিজিলেন্সে কোনো পদক্ষেপ লোৱা নাই।”

তেওঁ আৰু কয়, “২৬ ৰ নিৰ্বাচনৰ পূৰ্বে গৌৰৱ গগৈক লক্ষ্য কৰি আক্ৰমণ আৰম্ভ হৈছে। তেওঁক ISI লিংক থকা বুলি দেখুৱাবলৈ চেষ্টা চলিছে। মুখ্যমন্ত্ৰীয়ে নিজে টাডা গোচৰত ক্ষমা খুজিছিল, তাত ISI সম্পৰ্ক কেনেকৈ আছিল, আমি পিছত সবিশেষ কৈছো, আজিকে মাথোঁ আভাস দিছো।”

উল্লেখযোগ্য যে, অজিত কুমাৰ ভূঞাক এই ঘটনাত সংগ দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ ৰাছেল হুছেইন, আৰু CPI-M, CPMৰ নেতাসকলেও।

এই সমগ্ৰ ঘটনাক লৈ অসম ৰাজনীতিত বিতৰ্ক আৰু আলোচনাই নতুন দিশ ল’ব বুলি অনুমান কৰা হৈছে।

  • Related Posts

    হিমন্ত বিশ্ব শৰ্মা ‘ফ্লাইঅভাৰৰ চিএম’, ৰাজ্যৰ ৮ খন থানা আজিও অচল, নামতহে চলি আছে ১২খন আৰক্ষী চকী

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগ সঠিকভাৱে পৰিচালনা কৰাত ব্যৰ্থ হৈছে। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰক্ষী আধুনিকীকৰণৰ বাবে দিয়া পুঁজিৰ সঠিক ব্যৱহাৰ হোৱা নাই। ২০১৮ চনৰ পৰা ২০২৪ চনৰ ভিতৰত…

    আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে, জনজাতীয় লোকৰ ভূমি কোম্পানীক দিয়াৰ বিৰোধ কংগ্ৰেছৰ

    বিজেপিয়ে কংগ্ৰেছৰ শাসনকালত অসমীয়া মানুহে ভাবুকিৰ সন্মুখীন হোৱা বুলি মূল শ্ল’গান হিচাপে লৈ ২০১৬ চনৰ পৰাই অসমীয়া জাতি, মাটি, ভেটি ৰক্ষা কৰিম বুলি প্ৰচাৰ চলাই আহিছে৷ তেনেকৈয়ে অসমীয়া ৰাইজে তেওঁলোকক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ