গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু স্থানীয় প্ৰশাসনৰ সৈতে বৈঠকত অংশ লয়।

উচ্ছেদৰ বিষয়ে মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “হাচিলা বিল, উৰপদ বিল আৰু কুমৰী বিলৰ প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰাটো অত্যন্ত জৰুৰী। এই উদ্দেশ্যেই এলেকাবোৰ বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ প্ৰচেষ্টা আৰম্ভ হৈছে। তিনিমাহৰ ভিতৰত ৰাইজৰ মতামত গ্ৰহণ কৰি সিদ্ধান্ত লোৱা হ’ব।”

বেদখলকাৰীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে চাফকৈ কয়, “পুৰণি কাকো উচ্ছেদ কৰা নাই। যিসকলে ১০-১৫ বছৰৰ ভিতৰত বহি পৰিছে, তেওঁলোকৰ উভতি যাব লগা হ’ব।” লগতে ভূমিহীন লোকসকলৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও তেওঁ ব্যক্ত কৰে।

ইপিনে, গো-মাংসক লৈ পূৰ্বে কৰা কঠোৰ মন্তব্যৰ বিপৰীতে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গোৱালপাৰাত সুৰ সলনি কৰে। তেওঁ কয়, “এটা মাংস হিন্দুৱে বেয়া পায়, আনটো মুছলমানে বেয়া পায়। সেয়ে এইবিলাকক লৈ যুদ্ধ কৰিবই নাপায়।” তেওঁ আগবঢ়ায়, “গো-মাংস নামঘৰত আহিব নালাগে, আৰু মছজিদতো গাহৰিৰ মাংস যোৱা উচিত নহয়।”

তেওঁৰ এই মন্তব্যক লৈ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ নেতা গৌৰৱ গগৈয়ে। গগৈয়ে কয়, “প্ৰকৃত হিন্দুৱে কেতিয়াও আন ধৰ্মক অপমান নকৰে। মুখ্যমন্ত্ৰীয়ে হিন্দুধৰ্মৰ সাৰমৰ্ম বুজি পোৱা নাই।”

এনে সময়তে, গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক এ কে ৰশ্বিদ আলমক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰীয়ে সোধে, “নিজে চৰকাৰী মাটিত ইটাভাটা চলাই চৰকাৰক চেলেঞ্জ দিয়ে, ই দায়িত্বশীল বিধায়কৰ কাম নে?”

পৰৱৰ্তীভাৱে মুখ্যমন্ত্ৰী ড০ শৰ্মা ধুবুৰীত উপস্থিত হৈ আৱৰ্ত ভৱনত আইন-শৃংখলা পৰিস্থিতি লৈ উচ্চ পৰ্য্যায়ৰ বৈঠকত অংশ লয়। কিছুদিন পূৰ্বে অশান্তি হোৱা ধুবুৰীত পুনৰ শান্তি স্থাপন হোৱাত সন্তোষ প্ৰকাশ কৰি তেওঁ কয়, “চিৰস্থায়ী শান্তিৰ বাবে আমি সতৰ্কতা অব্যাহত ৰাখিম।” লগতে, ধুবুৰীত সেনাৰ স্থায়ী শিবিৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ ঘোষণা কৰে।

  • Related Posts

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ