চাপৰত আজিও চলিল বুলডজাৰ : দেশীক উচ্ছেদ কৰাত প্ৰতিক্ৰিয়া, মুখ্যমন্ত্ৰীৰ বিশেষ প্ৰতিশ্ৰুতি

ধুবুৰী জিলাৰ চাপৰত ৰাজ্য চৰকাৰে আৰম্ভ কৰা অসমৰ ইতিহাসৰ আটাইতকৈ বৃহৎ উচ্ছেদ অভিযান আজি দ্বিতীয় দিনটোও অব্যাহত থাকে। অধিকাৰিক তথ্য অনুসৰি ইতিমধ্যে ২ হাজাৰ বিঘাতকৈ বেছি ভূমিত উচ্ছেদ সম্পন্ন কৰা হৈছে। আদানি গ্ৰুপক ৩৫০০ বিঘা ভূমি প্ৰদানৰ লক্ষ্যেৰে এই অভিযান চলাইছে চৰকাৰে।

চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিৰাকুটা, চৰুৱাবাখৰা আৰু সন্তোষপুৰ অঞ্চলত আজিও হাজাৰ হাজাৰ আৰক্ষী আৰু জে চি বি মেচিনেৰে ব্যাপক উচ্ছেদ অভিযান চলাইছে। বহু লোক ঘৰ-দুৱাৰ হেৰুৱাই গৃহহীন হৈ পৰিছে। প্ৰায় ১০৬৯টা পৰিয়াল উচ্ছেদ কৰা হৈছে, যাৰ ফলত প্ৰায় ২০ হাজাৰ লোক ভূমিহীন হোৱাৰ আশংকা সৃষ্টি হৈছে।

ইতিমধ্যে উচ্চ মাধ্যমিক বিদ্যালয়, প্ৰাথমিক বিদ্যালয়, মন্দিৰ, মছজিদ ধ্বংস কৰাৰ ঘটনাই সৃষ্টি কৰিছে গভীৰ অসন্তোষ আৰু হৃদয়বিদাৰক পৰিস্থিতি। বহু বৃদ্ধ-বৃদ্ধাই নিজৰ ঘৰ ধ্বংস হোৱাৰ দৃশ্য দেখি মাটিত বাগৰি কান্দি উঠিছে।

ইয়াৰ মাজতেই আদানি গোটৰ অধ্যক্ষ গৌতম আদানীৰ পুত্ৰ জিৎ আদানীয়ে নিজে এলাকা পৰিদৰ্শন কৰি চিৰাকুটা, চৰুৱাবাখৰা আৰু সন্তোষপুৰ অঞ্চলক প্ৰস্তাৱিত তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে নিৰ্বাচন কৰিছে।

দেশী জনগোষ্ঠীৰ ওপৰত প্ৰভাৱ : সংগঠনৰ তীব্ৰ প্ৰতিবাদ

এই উচ্ছেদত থলুৱা দেশী, গৰিয়া, মৰিয়া জনগোষ্ঠীৰ বহু পৰিয়াল প্ৰভাৱিত হৈছে। সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ আৰু দেশী জনগোষ্ঠীয় মঞ্চ, অসমে উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছে। তেওঁলোকে দাবী কৰিছে, “যুগ যুগ ধৰি বসবাস কৰা খিলঞ্জীয়া দেশী জনগোষ্ঠীক উচ্ছেদ কৰা সাংবিধানিক অন্যায়।”

ইয়াৰ বাবে বিজনী, গোৱালপাৰা, লখিমপুৰ আদি জিলা প্রশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়। দেশী মঞ্চৰ কেন্দ্ৰীয় সভাপতি ইছলামুল এইচ মণ্ডলে মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰি ডি-ভোটাৰ আৰু বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰ স্থগিত ৰখাৰ লগতে উচ্ছেদ কৰা দেশী পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ দাবী জনায়।

মুখ্যমন্ত্ৰীৰ আশ্বাস

স্মাৰক পত্ৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশী জনগোষ্ঠীৰ ওপৰত সন্দেহভাজন নাগৰিক (ডি-ভোটাৰ) ৰূপে চলি থকা গোচৰ সমূহ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে গোৱালপাৰাৰ ৰংজুলী ৰাজহ চক্ৰৰ অধীনত যিসকল দেশীক জাননী দিয়া হৈছিল, তেওঁলোকক উচ্ছেদ নকৰাৰ আশ্বাস দিয়ে।

উচ্ছেদৰ পাছত ক্ষতিপূৰণ

প্ৰশাসন মতে, প্ৰত্যেক উচ্ছেদিত পৰিয়ালক ৫০ হাজাৰ টকা ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে, যদিও বহু পৰিয়ালে ক্ষোভ প্ৰকাশ কৰি কয় – “ঘৰ-দুৱাৰ, শস্য-পহু, ঘৰজেৰা ভাঙি পেলাই ৫০ হাজাৰটোৱে কি হ’ব?

ইপিনে, কাইলৈ পুনৰ উচ্ছেদ চলিব বুলি আৰক্ষী আৰু প্ৰশাসন সূত্ৰে জানিবলৈ পোৱা গৈছে। সঘনাই উচ্চপদস্থ বিষয়া, সশস্ত্ৰ বাহিনীৰ উপস্থিতে চিৰাকুটা, সন্তোষপুৰ, আৰু চৰুৱাবাখৰা অঞ্চল ঘেৰাও কৰি ৰাখা হৈছে।

  • Related Posts

    অসমীয়া ভাষাৰ বিৰুদ্ধে মন্তব্য — মইনুদ্দিনক গ্ৰেপ্তাৰৰ দাবী, ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

    অসমীয়া ভাষা আৰু জাতিসত্তাক লক্ষ্য কৰি প্ৰদান কৰা **ABMSU (অল বিটিচি মাইনৰিটি ছাত্ৰ ইউনিয়ন)**ৰ এগৰাকী নেতাৰ বিতৰ্কিত মন্তব্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। মইনুদ্দিন আলী নামৰ উক্ত নেতাগৰাকীয়ে ধুবুৰীৰ চাপৰৰ…

    বান সাহায্য দি বিপদত পুৰণি বিজেপি কৰ্মী — চক্ৰ বিষয়াৰ জাননী লৈ বিতৰ্ক

    অসমত বানপীড়িত লোকৰ সহায়ত হাত আগবঢ়োৱা এজন পুৰণি বিজেপি কৰ্মীক প্ৰশাসনে জাৰি কৰা কাৰণ দৰ্শোৱাৰ জাননীয়ে এতিয়া ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। জীৱন চুতীয়া নামৰ এজন সমাজকৰ্মী তথা ২০০৮ৰ পৰা বিজেপি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে