
গোলাঘাট জিলাত বান পৰিস্থিতি দিনক দিনে জটিল হৈ পৰিছে। ধনশিৰি নদীৰ বাঢ়নি পানীয়ে সৰুপথাৰ আৰু খুমটাই সমষ্টিৰ কেইবাটাও অঞ্চল ভয়ংকৰ বানৰ কবলত লৈ গৈছে। শতাধিক পৰিয়াল অস্থায়ী আশ্ৰয় শিবিৰত উদ্বাস্তুক জীৱন কটাবলৈ বাধ্য হৈছে।
জিলাৰ নুমালীগড়-নেপালিখুটি সংযোগী পথৰ একাংশ ধনশিৰিৰ প্ৰবাহে উটুৱাই নিয়াত যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। পশ্চিম ঢোডঙৰ মুখ্য কৃষি বান্ধ ভাঙি যোৱাৰ ফলত ঢোডঙ, পাৰঘাট, বৰপাক, নাগাবালি, বাউৰি গাঁও, তাৰুণ নগৰ, ৰৌধুৱাৰ গাঁও আদিৰ বহু গাঁওত ব্যাপক ক্ষতি সাধিত হৈছে।
জিলা প্ৰশাসনে উদ্ধাৰ অভিযানৰ জৰিয়তে বানাক্ৰান্ত ৰাইজক নুমালীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাছাপাথাৰ প্ৰাথমিক বিদ্যালয়, আৰু বুধবাৰী প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰিছে।
শিমলু চাপৰি এল পি স্কুলত স্থাপন কৰা শিবিৰত প্রায় ৬০টা পৰিয়াল আশ্ৰয় লৈছে। আনহাতে, মৰঙীত ২০খনতকৈ অধিক গাঁও সম্পূৰ্ণৰূপে পানীৰ তলত গ’ল। মিঠাচাপৰি, কেন্দুগুৰি, কৰ্দৈগুৰি, জাতিপতিয়া, দুছুটিমুখ, ভেলোগুৰি, নেপালিখুটি, বৰবলিতুপ, বৰছাপৰি আদি অঞ্চলত ব্যাপক ধ্বংস সাধিত হৈছে।
এই সংকটৰ সময়ত স্থানীয় ৰাইজে পৰস্পৰক সহায়ৰ হাত আগবঢ়াইছে। দৈগং, মৰঙী চাৰিআলি আৰু চৰাৰ গাঁৱৰ বিভিন্ন শিবিৰত কিছু দল-সংগঠনে খাদ্য আৰু প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰিছে।
কেন্দ্ৰৰ পৰা অসমৰ বাবে ৩৭৫.৬০ কোটি টকা সাহায্য
এই দুৰ্যোগৰ মাজতে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে মুঠ ৪৫৮ কোটি টকাৰ বান সাহায্য ঘোষণা কৰিছে, যাৰ ভিতৰত অসম এককভাৱে লাভ কৰিছে ৩৭৫.৬০ কোটি টকা। এই সাহায্য ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফাণ্ড (SDRF)-ৰ অধীনত ঘোষণা কৰা হৈছে। মণিপুৰ, মেঘালয় আৰু মিজোৰামৰ বাবে ক্ৰমে ২৯.২০ কোটি, ৩০.৪০ কোটি আৰু ২২.৮০ কোটি টকা অনুমোদন দিয়া হৈছে।
এই সাহায্য মুঠ ৬খন ৰাজ্যৰ বাবে মঞ্জুৰ কৰা ১,০৬৬.৮০ কোটি টকাৰ বৃহৎ পেকেজৰ এক অংশ, য’ত কেৰালা আৰু উত্তৰাখণ্ডো অন্তর্ভুক্ত।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সামাজিক মাধ্যমত উল্লেখ কৰে —
“অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, কেৰালা আৰু উত্তৰাখণ্ডৰ বান আৰু ভূমিস্খলন পীড়িত লোকসকলৰ বাবে আজি ১,০৬৬.৮০ কোটি টকা অনুমোদন কৰা হৈছে। এই বৰ্ষত SDRF আৰু NDRF মিলাই ১৯খন ৰাজ্যলৈ ৮,০০০ কোটি টকাৰো অধিক বিতৰণ কৰা হৈছে।”
উদ্ধাৰ আৰু সহায়ত কেন্দ্ৰীয় লজিষ্টিক সহায়
গৃহ মন্ত্ৰালয়ে জনোৱা মতে, এই আৰ্থিক সহায়ৰ উপৰিও NDRF, ভাৰতীয় সেনা আৰু বায়ুসেনাৰ সহায় ৰাইজ উদ্ধাৰত আগবঢ়োৱা হৈছে। উত্তৰ-পূৰ্বাঞ্চলত বৰ্ষাৰ ফলত বহু অঞ্চল পানীৰ তলত, আৰু ভূমিস্খলনে বহু ঠাই যোগাযোগ বিচ্ছিন্ন কৰি পেলাইছে।
অসমত ৫ জিলাত ভয়ংকৰ বান, ২৯ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত
অসমৰ ৫খন জিলাত বানৰ তীব্ৰ ৰূপ অব্যাহত আছে। ১৭০খন গাঁৱত ২৯ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। গোলাঘাট জিলাত দুজন লোকৰ মৃত্যুও ঘটিছে।
গোলাঘাট বৰ্তমানে অসমৰ ভিতৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলা হিচাপে ধৰা হৈছে। এই পৰিস্থিতিৰ উন্নতি নহ’লে আৰু অধিক সংখ্যক লোকক বিপদৰ সন্মুখীন হ’ব লগা হ’ব বুলি আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।