
দিছপুৰৰ জনতাভৱনৰ সন্মুখভাগত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অনাদৰ কৰা হৈছে৷ হাবি-জংঘলৰ মাজত দেখা গৈছে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি৷ একেধাৰে গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি, ব্যংগ লেখক, সমালোচক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক এনেদৰে অপমান কৰা হৈছে৷ ক’বলৈ গ’লে হাবি-জংঘলৰ মাজত পোত গৈছে ৰসৰাজ৷ জনতা ভৱনৰ সন্মুখত জংঘলত সাহিত্যৰথীৰ প্ৰতিমূৰ্তি প্ৰত্যক্ষ কৰি বহুতে অন্তৰত দুখ পায়৷ মুখ্যমন্ত্ৰীয়ে বহা ব্লকৰ সন্মুখতে থকা সাহিত্যৰথীৰ প্ৰতিমূৰ্তিটোক অনাদৰ কৰা হৈছে৷ যিটো সচিবালয়ত সাংস্কৃতিক মন্ত্ৰীগৰাকী বহে৷ সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে প্ৰতিমূৰ্তিটোৰ এনে অৱস্থা দেখা নাপায় নেকি? নে চকু মুদি আহ-যাহ কৰে মুখ্যমন্ত্ৰী, মন্ত্ৰীসকল৷ ১৯০৯ চনত ‘বাঁহী’ আলোচনী প্ৰকাশ কৰাৰ লগতে সম্পাদনা কৰি অসমৰ সাহিত্যৰ ভৰাল চহকী কৰি থৈ যোৱা মহান মনীষীগৰাকীয়ে অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ ৰচনা কৰিছিল৷ ইমানে নহয় অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিল৷ আনহাতে অসম ছাত্ৰ সন্মিলনীৰ সভাপতি আছিল৷ অসমীয়া জাতিক মহীয়ান কৰি যোৱা এনে এগৰাকী মহান মনীষীক অনাদৰ কৰা চৰকাৰখন জাতিটোৰ প্ৰতি দায়বদ্ধতা নে? তাকে লৈ উত্থাপিত হৈছে হাজাৰ-বিজাৰ প্ৰশ্ন।