বিল্ডাৰে ৰমেন বৰুৱাহঁতৰ ঘৰটোৰ মূল্য দিছিল ৭০ কোটি টকা

২২ জুলাই পুৱা ১০ বজাত ঘৰৰ পৰা ওলাই গৈ আজিও নিৰুদ্দেশ হৈ আছে অসমীয়া সংগীত জগতৰ নক্ষত্ৰ তথা বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা৷ ২২ জুলাইৰ পুৱা লতাশিলস্থিত গণেশ মন্দিৰলৈ যাম বুলি ঘৰৰ পৰা ওলাই আহিছিল৷ তাৰ পাছৰে পৰা বিগত তিনিটা দিন ধৰি নিৰুদ্দেশ হৈ আছে৷ তিনিটা দিন অতিক্ৰমী গ’ল যদিও আজিও সন্ধান ওলোৱা নাই সংগীত পৰিচালক ৰমেন বৰুৱাৰ৷ স্বনামধন্য লোকজন হঠাতে এনেদৰে নিৰুদ্দেশ হোৱাৰ ঘটনাক অসমীয়া সমাজে সহজে ল’ব পৰা নাই৷ ধাৰাবাহিক অভিযান চলি থকাৰ পাছতো ৰমেন বৰুৱাৰ কোনো শুংসূত্ৰ উদ্ধাৰ হোৱা নাই৷ দিনে-নিশাই অভিযান চলােৱাৰ পাছতে আৰক্ষীয়ে কোনো সিদ্ধান্তত উপস্থিত হ’ব পৰা নাই৷ প্ৰকৃততে নদীত জাপ দিলে নে পিছলি পৰিল নে অন্য ঠাইত আছে সেয়া স্পষ্ট কৰিব পৰা নাই আৰক্ষীয়ে৷ সময় পাৰ হৈ যোৱাৰ লগে লগে পৰিয়াল, অসমবাসী উদ্বিগ্ন হৈছে৷ অসমবাসীয়ে তেখেতক সুস্থ শৰীৰে উভতি অহাৰ কামনা কৰিছে৷ ব্ৰহ্মপুত্ৰৰ পানীৰ কাষলৈ ৰমেন বৰুৱা নামি যোৱাৰ তথ্য পােৱা বুলি কৈছে আৰক্ষীয়ে। কিন্তু উভতি অহাৰ কোনো তথ্য নাই আৰক্ষীৰ হাতত। আৰক্ষীৰ স্নিফাৰ ডগে ব্ৰহ্মপুত্ৰৰ পানীৰ যুৱলিলৈ গৈছে।

আনহাতে বিশিষ্ট বুদ্ধিজীৱী তথা শিক্ষাবিদ দীনেশ বৈশ্যৰ এটা ফেচবুক পোষ্টে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ফেচবুক পোষ্টত ৰমেন বৰুৱাৰ ঘৰ আৰু মাটিখিনিক লৈ বিশেষ তাৎপৰ্যপূৰ্ণ তথ্য প্ৰকাশ কৰিছে৷
দীনেশ বৈশ্যই ফেচবুকত দিয়া পোষ্টত লিখিছে ‘‘বৰুৱাৰ সংসাৰ৷ বৰুৱাৰ সংসাৰ এখন অসমীয়া চলচ্চিত্ৰৰ নাম। ঐতিহ্যমণ্ডিত সংস্কৃতিবান অভিজাত এটা পৰিয়ালৰ ঘৰ পৰিয়ালক লৈ এখন ডকুমেণ্টৰীৰ নামো বৰুৱাৰ সংসাৰ। প্ৰায় চাৰি বছৰ আগেয়ে এই সম্পৰ্কীয় এটা বাতৰি ওলাইছিল দ্য হিন্দু কাকতৰ প্ৰথম পৃষ্ঠাত। এই বাতৰিত প্ৰকাশ পাইছিল গুৱাহাটীৰ এটা ঐতিহ্য গৃহ আৰু এই গৃহত বাস কৰা এটা ঐতিহ্যময় পৰিয়ালৰ কাহিনী। ১০০ বছৰ পুৰণি এইঘৰটোৰ সকলো সদস্যই বিস্ময়কৰ ভাবে সাংস্কৃতিক ঐতিহ্যৰ মানৱ সম্পদ। এইটো ঘৰৰ পৰাই সৃষ্টি হৈছে ২৯ খন অসমীয়া চিনেমা। এইটো ঘৰত থকা পৰিয়ালটোৰ ৮জন অভিনেতা, ৪ জন চিনেমা পৰিচালক, তিনিজন গায়ক, দুজন সংগীত পৰিচালক, দুজন ৰঞ্জী ট্ৰফি খেলা ক্ৰিকেট খেলুৱৈ আৰু এজন ফুটবলাৰ। ঐতিহাসিক এই ঘৰটো আৰু ঘৰৰ বাসিন্দাসকলৰ ওপৰত এখন ডকুমেন্টৰী চিনেমা নিৰ্মাণ হৈ আছে। নাম দিয়া হৈছে বৰুৱাৰ সংসাৰ। ৰাহুল কৰ্মকাৰে লিখা এই প্ৰতিবেদনত কোৱা হৈছে যে সমগ্র দেশতেই এইটোৱেই চাগে একমাত্ৰ পৰিয়াল যিটো পৰিয়ালৰ পৰা ইমান বিলাক বিখ্যাত শিল্পী, খেলুৱৈ ওলাইছে। এই ঘৰৰ বাসিন্দা বৰুৱাসকল হল ব্ৰজেন বৰুৱা, ৰমেন বৰুৱা, দ্বিবন বৰুৱা, দ্বিপেন বৰুৱা, গিৰিণ বৰুৱা, নৃপেন বৰুৱা। আটাইতকৈ ডাঙৰ জন দৈত্যেন বৰুৱা। এইটো লেখা মই ফেচবুকত লিখিছিলো ২০২১ চনত। ২০২৪ চনত এইটো ঘৰকলৈ কিছুমান নোহোৱা নোপোজা কথা কিছু দুখ লগা কথাই ৰাজ্যখনক চুই গৈছে। এই ঐতিহাসিক পৰিয়ালটোৰ এক ডাঙৰ ট্ৰেজেডী। সেই একেটা ঘৰকলৈ আজি ফেচবুকত এটা লিখা ওলাইছে। লিখিছে Abdul Alim এ। “শুনা কথা। এজন বিল্ডাৰে ৭০ কোটি টকা দাম নিৰ্দ্ধাৰণ কৰিছিল। কিন্তু ৰমেন বৰুৱা আৰু দ্বীপেন বৰুৱাই কোনোপধ্যেই সন্মত নহয়। তেওঁলোকে জীয়াই থকালৈকে এই শত বছৰ গৰকা ঘৰ ভাঙিব নিদিয়ে। আৰ্থিক অনাটনৰ মাজতে চলি আছে। তথাপিও ৭০ কোটি টকা দাম দিব খোজা বিল্ডাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল। এয়াই পৰিয়ালৰ সংঘাতৰ কাৰণ হ’ব পাৰে নেকি?”

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ