ব্যক্তিগত হাস্পতালত আয়ুষ্মান কাৰ্ডৰ সেৱা বন্ধ, উজনি-নামনিত হাহাকাৰ

চৰকাৰৰ এক সিদ্ধান্তৰ পাছতে ৰাজ্যৰ কেইবাখনো হাস্পতালত হাহাকাৰ লাগিছে৷ ব্যক্তিগত হাস্পতালত আয়ুষ্মান কাৰ্ডৰ সেৱা বন্ধ কৰাত হাহাকাৰ লগা পৰিলক্ষিত হৈছে৷ পূৰ্ব জাননী অবিহনে হঠাতে আয়ুষ্মান কাৰ্ডৰ সেৱা বন্ধ কৰাত ব্যক্তিগত হাস্পতালসমূহত ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে৷ ২৩ জুলাইৰ পৰা ব্যক্তিগত হাস্পতালসমূহত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চিকিৎসা সেৱা লাভৰ যি সুবিধা আছিল সেয়া বন্ধ কৰা হৈছে৷ ফলত বহু ৰোগী আৰু ৰোগীৰ অভিভাৱক বিবুদ্ধিত পৰিছে।

অধিকাংশ ব্যক্তিগত হাস্পতালত আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা শ শ ৰোগী উপকৃত হৈছিল। কাৰ্ডৰ জৰিয়তে কৰ্কট, বৃক্ক আদিৰ ৰোগীসকলে ডায়েলাইছিছ কৰাইছিল। কিন্তু হঠাতে আয়ুষ্মান কাৰ্ডৰ সেৱা বন্ধ হোৱাত উজনি, নামনি আৰু বৰাকৰ ব্যক্তিগত হাস্পতালত ৰোগী আৰু ৰোগীৰ অভিভাৱকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ