
আজি নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষই জুবিন গাৰ্গক ঘৰলৈ যাবলৈ দিয়ে৷ তিনিটা দিন চিকিৎসাৰ অন্তত সুস্থ হৈ উঠা জুবিন গাৰ্গক ঘৰলৈ যাব দিয়ে নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষই৷ দেওবাৰে পুৱা জোনালীস্থিত মিউজিক ষ্টুডিঅ’ত কাম কৰি থকাৰ সময়তে অসুস্থ হৈছিল জুবিন। জুবিনক ততাতৈয়াকৈ ভৰ্তি কৰা হৈছিল ভঙাগড়ৰ নেমকেয়াৰ হাস্পতালত। স্বাস্থ্য পৰীক্ষাত জুবিনৰ ছিজাৰ এটেক ধৰা পৰিছিল। জুবিনে হাস্পতালৰ পৰা ওলাই চিকিৎসকৰ পৰামৰ্শ মানি চলাৰ কথা কয়৷ জুবিন গাৰ্গে কয় ‘‘কেতিয়াবা নিজেই চিকিৎসক হৈ যাও। চেলাইন লওঁ, কেতিয়াবা নিজেই খুলি দিওঁ। চিকিৎসকৰ মাজত দৌৰা-দৌৰি লাগি যায়। এইবোৰ পাগলামী আছে মোৰ।’’