

বহু বিতৰ্কত আইএএছ পূজা খেদকাৰক বৰ্খাস্ত কৰিছে কেন্দ্ৰীয় লোকসেৱা আয়োগে৷ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ পূজা খেদকাৰক কেৱল বৰ্খাস্ত কৰাই নহয় ভৱিষ্যতৰ সকলো পৰীক্ষাত অৱতীৰ্ণ হোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মহাৰাষ্ট্ৰ কেডাৰৰ আইএএছ বিষয়া পূজা খেদকাৰৰ বিৰুদ্ধে অসামৰিক সেৱা পৰীক্ষাত বিকলাংগ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷
আইএএছ হোৱাৰ স্বাৰ্থত পূজা খেদকাৰে নিজৰ নাম সলনি কৰাই নহয়, পিতৃ-মাতৃৰ নামও সলনি কৰিছিল। পূজা খেদকাৰে ২০২০ চনত ইউপিএছচি পৰীক্ষাৰ বাবে ড০ খেদকাৰ পূজা দিলীপ্ৰাওৰ নামত প্ৰপত্ৰ পূৰণ কৰিছিল৷ বয়স ৩০ বছৰ বুলি উল্লেখ কৰিছিল। ২০২৩ চনত নাম সলনি কৰি মিছ পূজা মনোৰমা দিলীপ খেদকাৰ ৰাখে আৰু বয়স ৩১ বছৰ বুলি উল্লেখ কৰিছিল৷ ইমানে নহয় দিব্যাংগ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ অধীনত আবেদন কৰি পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷
কেন্দ্ৰীয় লোকসেৱা আয়োগে কয় যে পূজা খেদকাৰে এছঅপি অনুসৰণ কৰা নাছিল আৰু ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ নাম সলনি কৰিছিল। এয়া কেন্দ্ৰীয় লোকসেৱা আয়োগেৰ নীতিৰ উলংঘন। ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি যাতে নহয় তাৰ বাবে এছঅ’পি অধিক শক্তিশালী কৰা হ’ব।