

ডিজিটেল ডেস্কঃ অযোধ্যাৰ ভব্য ৰাম মন্দিৰৰ পিছত এইবাৰ বাৰিষাৰ বৰষুণ ৰোধ কৰাত ব্যৰ্থ হল মোদী চৰকাৰৰ আন এক অভিলাসী প্ৰকল্প নতুন সংসদ ভৱনৰ চাদে। দিল্লীত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ মাজতে মাত্ৰ এবছৰ পূৰ্বে উদ্ঘাটন কৰা নতুন সংসদ ভৱনৰ চাদৰ পৰা বৰষুণৰ পানী পৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।
এক্সত নতুন সংসদ ভৱনৰ চাদেৰে পানী পৰাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে তামিলনাডুৰ কংগ্ৰেছ সাংসদ মণিকম ঠাকুৰে। সংসদৰ বাজেট অধিবেশন চলি থকাৰ সময়তে এনেদৰে চাদ ফালি বৰষুণৰ পানী সংসদৰ মজিয়াত পৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধীয়ে।
উল্লেখ্য যে, প্ৰায় ৯৭০ কোটি টকা ব্যয় সাপেক্ষে মোদী চৰকাৰে নিৰ্মাণ কৰা এই নতুন সংসদ ভৱনটো উদ্ঘাটন কৰা হৈছিল ২০২৩ চনৰ ২৮ মে’ত। ব্ৰিটিছ যুগত নিৰ্মান কৰা পুৰণি সংসদ ভৱনটোৰ সন্মুখতে নিৰ্মান কৰা চাৰি মহলীয়া ভৱনটো মোদী চৰকাৰৰ বিকাশশীল যাত্ৰাৰ প্ৰতীক হিচাপে প্ৰচাৰ কৰা হৈছিল। কিন্তু মাত্ৰ এবছৰৰ ভিতৰতে এনেদৰে বৰষুণৰ পানী ভৱনৰ চাদৰ পৰা সৰি পৰাৰ দৃশ্য পোহৰলৈ অহাৰ পিছতে মোদী চৰকাৰৰ সমালোচনাত সৰৱ হৈ পৰিছে বিৰোধী।
মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে অযোধ্যাৰ ভব্য ৰাম মন্দিৰৰ গৰ্ভ গৃহৰ চালৰ পৰাও বৰষুণৰ পানী পৰাৰ ভিডিঅ’ পোহৰলৈ আহিছিল। কেইবা শ কোটি টকা ব্যয়ৰে নিৰ্মান কৰা এই ৰাম মন্দিৰৰ উদ্বোধনৰ ৫ মাহ পিছতে এনেদৰে চালৰ পৰা পানী পৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।