ডিজিটেল ডেস্ক: “ৰাহুল গান্ধীয়ে জাতি জনগণনা কৰিব বিচাৰে, কিন্তু নিজৰ জাতিৰ কথা কব নিবিচাৰে।” – কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী প্ৰসংগত এই মন্ত্যব কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে লোকসভাৰ মজিয়াত ৰাহুল গান্ধীক লক্ষ্য কৰি তেওঁৰ জাতিক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পিছত সৃষ্টি হোৱা বিতৰ্কত জঁপিয়াই পৰি এইদৰে আক্ৰমণ কৰে হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি কয় যে গান্ধীয়ে পূৰ্বে সাংবাদিকক তেওঁলোকৰ জাতিৰ বিষয়ে সুধিছিল যদিও এতিয়া মানুহে তেওঁৰ বিষয়ে সোধা-পোছা কৰিলে ইছ্যুৰ সৃষ্টি কৰিছে। জাতিৰ কথা নোসোধাকৈ কেনেকৈ জাতি লোকপিয়ল কৰিব পাৰি বুলি প্ৰশ্ন উত্থাপন কৰি শৰ্মাই কয় যে গান্ধীয়ে জাতি লোকপিয়ল কৰিব বুলি কৈছিল যদিও নিজৰ জাতি প্ৰকাশ নকৰে।
চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হবলগীয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ঝাৰখণ্ডত থকা হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সংবাদ মাধ্যমৰ সন্মুখত কয়, “আগতে ৰাহুল গান্ধীয়ে সাংবাদিকক তেওঁলোকৰ জাতিৰ বিষয়ে সুধিছিল। এতিয়া যেতিয়া মানুহে তেওঁক জাতিৰ বিষয়ে সুধিব, তেতিয়া তেওঁৰ বাবে সমস্যা হয়। জাতিৰ কথা নোসোধাকৈ জাতি লোকপিয়ল কৰা হ’ব পাৰেনে। ৰাহুল গান্ধীয়ে কয় যে মই জাতি লোকপিয়ল কৰি দিম কিন্তু মোৰ জাতি প্ৰকাশ নকৰো, এইটো কেনেকৈ হ’ব? লোকপিয়ল হ’লে ৰাহুল গান্ধীয়ে নিজৰ জাতি প্ৰকাশ কৰিব লাগিব।”
উল্লেখ্য যে বিৰোধী দলৰ নেতা ৰাহুল গান্ধী তথা সমগ্ৰ ইণ্ডিয়া মিত্ৰজোঁটে দেশত জাতি জনগণনাৰ দাবী উত্থাপন কৰি আহিছে। এই প্ৰসংগতে সংসদৰ বাজেট অধিবেশনৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে নাম উল্লেখ নকৰাকৈ কয়, “যাৰ নিজৰে জাতি নাই, তেওঁ জাতি জনগণনাৰ কথা কয়।” কাৰোবাৰ জাতিক লৈ বিজেপি মন্ত্ৰীজনে কৰা এনেধৰণৰ মন্ত্যবই বিতৰ্কৰ সৃষ্টি কৰিছে।