ন্যায়াধীশক ভয়-ভাবুকি আই এ এছ বিষয়াৰ, আদালতৰ চমন

ডিজিটেল ডেস্কঃ ক্ষমতাৰ অপব্যৱহাৰ কৰি এগৰাকী ন্যায়াধীশক ভয়-ভাবুকি প্ৰদান কৰাৰ অভিযোগত আদালতে চমন জাৰি কৰিছে জম্মু – কাশ্মীৰৰ গণ্ডাৰবল জিলাৰ উপায়ুক্ত শ্যাম বীৰ সিঙক। জম্মু – কাশ্মীৰ উচ্চ ন্যায়ালয়ে উপায়ুক্ত গৰাকীৰ বিৰুদ্ধে অপৰাধমূলক অৱমাননাৰ গোচৰ ৰুজু কৰি ৫ আগষ্টত ব্যক্তিগতভাৱে আদালতত হাজিৰ হৈ উত্তৰ দিবলৈ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ে আদালতৰ কাৰ্য্যবিধিত সহায়ৰ বাবে জ্যেষ্ঠ অধিবক্তা ৰিয়াজ আহমেদ জানক এমিকাছ কুৰিয়া হিচাপেও নিযুক্তি দিয়ে।

উল্লেখ্য যে, ২০২২ চনৰ পৰা গাণ্ডাৰবলৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ২০১৮ চনৰ বেচৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্যাম বীৰ সিঙে গাণ্ডাৰবলৰ উপ- ন্যায়াধীশ ফৈয়াজ আহমেদ কুৰেশ্বীক নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি ভয় – ভাবুকি প্ৰদান আৰু হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছিল।

২০২২ চনৰ অক্টোবৰত চৰকাৰী সিদ্ধান্ত মানি নচলাৰ বাবে ন্যায়াধীশ কুৰেশ্বীয়ে আই এ এছ সিঙৰ দৰমহা বন্ধ কৰাৰ নিৰ্দেশ দিছিল। উপ ন্যায়াধীশগৰাকীৰ মতে, উপায়ুক্তগৰাকীয়ে ইয়াৰ পিছতে তেওঁৰ পদৰ অপব্যৱহাৰ কৰি তেওঁক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে।

এই সন্দৰ্ভত শ্যাম বীৰ সিঙৰ বিৰুদ্ধে ৰুজু কৰা গোচৰত আজি উচ্চ ন্যায়ালয়ে চমন জাৰি কৰি আদালতৰ চমন অৱজ্ঞা কৰিলে কঠোৰ আইনী পদক্ষেপ লোৱা হব বুলিও সকিয়াই দিয়ে।

  • Brahmaputra Times

    Related Posts

    হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ নায়ব সিং ছাইনীৰ

    ডিজিটেল ডেস্কঃ  বিজেপিৰ নায়ব সিং ছাইনীয়ে বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । ছাইনীৰ লগত আৰু ১৩ জন মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে । পঞ্চকুলাৰ দশহৰা খেলপথাৰত অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠানত…

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    ডিজিটেল ডেস্কঃ অহা ১০ নৱেম্বৰত অন্ত পৰিব দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ কাৰ্যকাল। ইয়াৰ লগে লগে চৰ্চালৈ আহিছে পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ প্ৰসংগ। বিভিন্নজনৰ মনত প্ৰশ্ন উদয় হৈছে কোন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ নায়ব সিং ছাইনীৰ

    হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ নায়ব সিং ছাইনীৰ

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা

    সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?