গুৱাহাটীঃ তেল চুৰিৰ অভিযোগত নাম সাঙোৰ খাই পৰাৰ পিছত আৰক্ষীয়ে ঠিকনা বিচাৰি প্ৰায় ৪৮ ঘণ্টা ধৰি চলোৱা অভিযানৰ মাজতে অৱশেষত নিজেই আহি থানাত আত্মসমৰ্পণ কৰিলে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাই। শনিবাৰে কলিয়াবৰত তেল চুৰিৰ গেঙৰ সৈতে নাম সাঙোৰ খাই পৰাৰ পিছত বিধায়ক পুত্ৰক বিচাৰি গুৱাহাটী, ৰূপহীত অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে। ইয়াৰ পিছতে আজি সন্ধিয়া কলিয়াবৰত আত্মসমৰ্পণ কৰে ৰকিবুল হুদাই। জানিব পৰা মতে, আত্মসমৰ্পণৰ পিছত বিধায়ক পুত্ৰক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হয়।
উল্লেখ্য যে, শনিবাৰে কলিয়াবৰ তেল চুৰি এটা চক্ৰ উৎখাত কৰি আৰক্ষীয়ে ৫ জনকৈ তেল চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। ধৃত তেল চুৰি গেঙৰ সদস্য কেইজন হৈছে ক্ৰমে তেজপুৰ কছাৰী পামৰ আলম আলী, তেজপুৰৰ ভোমোৰাগুৰিৰ আব্দুল খলিল, বাগৰিৰ জামালউদ্দিন, বাগৰি হাৰমতিৰ তাহেৰ আলী আৰু চামগুৰি খলিহামাৰীৰ ইব্ৰাহিম আলী।
আৰক্ষীয়ে এই তেল চুৰি চক্ৰটোৰ পৰা দুখন বিলাসী বাহনৰ লগতে নগত ১ লাখ টকাও জব্দ কৰিবলৈ সক্ষম হয়। গেঙটোৱে কলিয়াবৰৰ আমনিৰ পৰা নলতলি এলেকাৰ মাজত তেল চুৰি কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ সময়তে এই চক্ৰটোৰ সৈতে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাও জড়িত থকাৰ কথা পোহৰলৈ আহে।