গুৱাহাটীঃ শ্বেখ হাছিনাৰ পদত্যাগৰ পিছতো শাম কটা নাই বাংলাদেশৰ হিংসাত্মক পৰিস্থিতি। ক্ৰমান্বয়ে অধিক ভয়াবহ হৈ পৰা বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদত সোমবাৰৰ দিনটোতে প্ৰাণ হেৰুৱায় পুনৰ ১৩৫ জন লোকে।
চুবুৰীয়া ৰাষ্ট্ৰখনৰ এনে ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সীমান্তত সতৰ্ক হৈ পৰিছে ভাৰতীয় সেনা বাহিনী। অসমৰ লগতে বাংলাদেশৰ সৈতে ভাগ-বতৰা কৰা দেশৰ সকলো সীমান্তত জাৰি কৰা হৈছে হাই এলাৰ্ট।
অসমৰ কৰিমগঞ্জ, কাছাৰ, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰে ধৰি বাংলাদেশৰ সৈতে ভাগবতৰা কৰা কৰা ২৬৭.৫ কিলোমিটাৰ সীমান্তৰ জিলাসমূহত সীমান্তৰক্ষী বাহিনীক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।
সমান্তৰালভাৱে সীমান্ত সুৰক্ষা বাহিনীয়ে সমগ্ৰ ৪০৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তত “হাই এলাৰ্ট” জাৰি কৰিছে।