

ডিজিটেল ডেস্কঃ প্ৰচণ্ড বৰষুণৰ মাজতে মণিপুৰৰ জিৰিবাম জিলাত সংঘটিত এক ভূমি স্খলনৰ ঘটনাত মঙলবাৰে এজন লোকৰ মৃত্যু ঘটাৰ লগতে আন ৪ জন লোক আহত হয়।
মঙলবাৰে পুৱতি নিশা জিৰিবাম জিলাৰ অন্তৰ্গত আহমেদাবাদ গাঁৱত এটা পৰিয়ালৰ বাসগৃহত কাষৰ পাহাৰৰ পৰা ভূমিস্খলন ঘটে। এই ঘটনাত এটি কণমানিৰ থিতাতে মৃত্যু ঘটাৰ লগতে পৰিয়ালটোৰ আনসকল সদস্য কম-বেছি পৰিমান আহত হয়।
নিহত কণমানিটিক নুৰমোনা বেগম (১০) বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত পৰিয়ালটোৰ আনসকল সদস্য হৈছে ৰাণী বেগম (৩৫), গুলছানা বেগম (১৮), মহম্মদ চেলিম উদ্দিন (১৬), আৰু সুমিতা বেগম (৮)।
ইফালে গুৰুতৰভাৱে আহত সুমিতা বেগমক জৰুৰী চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ বদলি কৰা হৈছে।