

ডিজিটেল ডেস্কঃ মণিপুৰত অবৈধ মাৰাণাস্ত্ৰৰ বিৰুদ্ধে জোৰদাৰ অভিযান নিৰাপত্তা বাহিনীৰ। সোমবাৰে পাহাৰীয়া ৰাজ্যখনত নিৰাপত্তা বাহিনীৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ মাৰাণাস্ত্ৰ উদ্ধাৰ হোৱাৰ পিছত মঙলবাৰে সন্ধিয়াও উদ্ধাৰ কৰা হয় বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ।
থৌবাল জিলাৰ মায়াই কেইথেল আৰু আইৰং গাঁৱত চলোৱা অভিযান কালত নিৰাপত্তা বাহিনীয়ে ৩টা মেগজিনসহ এটা ইনছাছ এল এম জি, দুটা মেগজিন সহ এটা ইনছাছ ৰাইফল, মেগজিন সহ এটা এ কে-৫৬ ৰাইফল, এটা ৯ এম এম পিষ্টল, এটা পইন্ট থ্ৰি টু পিষ্টল আৰু ১১৩ জাই সজীৱ গুলী জব্দ কৰে।
উল্লেখ্য যে, বিগত বৰ্ষৰ মে’ মাহৰ পৰা মণিপুৰত আৰম্ভ হৈছিল কুকি আৰু মেইটেই সকলৰ মাজৰ গোষ্ঠীগত সংঘৰ্ষ। এই সংঘৰ্ষ কালত বহু থানাৰ পৰা অস্ত্ৰ-শস্ত্ৰ লুটপাতৰ ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে সদৰী কৰিছিল।