এইবাৰ গুৱাহাটীৰ কৃত্ৰিম বানক লৈ মুখ খুলিলে বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, ক’লে…

গুৱাহাটীঃ গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাক লৈ এইবাৰ মুখ খুলিলে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। গুৱাহাটীত পানী থাকিবলৈ খালী জেগা নাই বাবা বৰষুণ দিলে পানী হ’বই বুলি মন্তব্য কৰে দৈমাৰীয়ে।

বুধবাৰে মৰিগাঁৱত অনু্ষ্ঠিত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি সোমবাৰৰ গুৱাহাটীৰ ভয়ংকৰ কৃত্ৰিম বান সন্দৰ্ভত মন্তব্য কৰে বিশ্বজিৎ দৈমাৰীয়ে।

তেওঁ কয়, “সেইদিনা অকস্মাতে এক দুই ঘণ্টাৰ ভিতৰত বাল্টি দি ঢালি দিয়াৰ দৰে বৰষুণ দিছিল,সেইবাবে গুৱাহাটীৰ অৱস্থা এনেকুৱা হৈ গ’ল। ভাল কথা যে,গুৱাহাটীৰ নলাৰ ব্যৱস্থা বহুত উন্নত হ’ল, সেইবাবে পিছ দিনাৰ পৰা পানী নলাই দি ওলাই গ’ল। এতিয়া গুৱাহাটী জীৱন যাত্ৰা স্বাভাৱিক হ’ল।”

উল্লেখ্য যে, ইয়াৰ পূৰ্বে নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহালে গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ বাবে মেঘালয়ক জগৰীয়া কৰিছিল। মেঘালয়ৰ পৰা বৈ অহা পানীয়ে গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি কৰা বুলি মন্তব্য কৰিছিল সিংহালে।

  • Brahmaputra Times

    Related Posts

    জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ

    ডিজিটেল ডেস্কঃ  এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…

    বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া: জয়ন্ত মল্ল

    ডিজিটেল সংবাদঃ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দ্বিতীয়বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নয়াব সিং ছৈনীয়ে

    দ্বিতীয়বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নয়াব সিং ছৈনীয়ে

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা

    সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?