
গুৱাহাটীঃ ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ। কেইবাখনো জিলাত আগন্তুক ২৪ ঘণ্টাই হ’ব পাৰে প্ৰচণ্ড বৰুষণ।
দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বাক্সা, গোৱালপাৰা, কামৰূপ, কামৰূপ(মহানগৰ), ওদালগুৰি, দৰং, মৰিগাঁও, শোণিতপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, গোলাঘাট, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড় জিলাত ইয়েল’ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
এইখন জিলাত আগন্তুক ২৪ ঘণ্টাত আছে বৰষুণৰ প্ৰবল সম্ভাৱনা।
উল্লেখ্য যে, বুধবাৰেও গুৱাহাটী মহানগৰীত হোৱা এজাক বৰষুণে কৃত্ৰিম বানৰ সৃষ্টি কৰে মহানগৰীৰ বহু অঞ্চল।