
গুৱাহাটীঃ আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে নিযুত মইনা আঁচনি। এই আঁচনিৰ অধীনত ৰাজ্যৰ ১০ লাখ ছাত্ৰীয়ে লাভ কৰিব ৰাজ্য চৰকাৰৰ অনুদান। আঁচনিৰ প্ৰ-পত্ৰ পূৰণ কৰি সোনকালে জমা দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ।
উল্লেখ্য যে, নিযুত মইনা আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰীয়ে ১০০০ টকা লাভ কৰিব। আনহাতে স্নাতক ডিগ্ৰীৰ ছাত্ৰীয়ে লাভ কৰিব ১২৫০ টকা। তদুপৰি বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্ৰীয়েও এই আঁচনিৰ অধীনত মাহিলী ২৫০০ টকা লাভ কৰিবলৈ সক্ষম হ’ব।