কেব চালকক প্ৰহাৰ কৰি কাঢ়ি লৈ গ’ল নগদ ধন, আৰক্ষী বিষয়াক বৰ্খাস্ত

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত এগৰাকী কেব চালকক আক্ৰমণ কৰি ৭ হাজাৰ টকা লুটি নিয়াৰ গোচৰত গোচৰ ৰুজু কৰা হৈছে আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শক আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে। অভিযুক্ত আৰক্ষী বিষয়াজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বিপৰীতে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, আউটপোষ্ট ইনচাৰ্জ আৰু এজন পৰিদৰ্শকক নিলম্বন কৰা হৈছে। আৰক্ষী আয়ুক্তগৰাকীয়ে ডিচিপি চেণ্ট্ৰেল জ’ন সুনীতিক পদৰ পৰা অপসাৰণ কৰি তেওঁৰ ঠাইত শক্তি মোহন অৱস্থীক ডিচিপি চেণ্ট্ৰেল নয়ডা হিচাপে নিযুক্তি দিযে।

দৰাচলতে যোৱা ৭ আগষ্টত বিছৰাখ থানা এলেকাত ৰেল উপ পৰিদৰ্শক অমিত মিশ্ৰ আৰু তেওঁৰ দুই সহযোগী অভিনৱ আৰু আশীষে এজন কেব চালকক প্ৰহাৰ কৰি ৭ হাজাৰ টকা কাঢ়ি লৈ ​​গৈছিল। এই ঘটনাৰ লগত জড়িত বাহন দুখন স্ক’ৰপিঅ’ আৰু এখন হুণ্ডাই ভেনিউ আৰক্ষীয়ে জব্দ কৰিছে। উপ পৰিদৰ্শক অমিত মিশ্ৰ আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ লগতে অমিতক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ দুই সহযোগী অভিনৱ আৰু আশীষক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰেৰণ কৰা হৈছে আৰক্ষীৰ দল।

নয়ডা আৰক্ষী আয়ুক্ত লক্ষ্মী সিঙে কয় যে ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতো দুদিন ধৰি ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আৰু উচচপদস্থ বিষয়াৰ পৰা ঘটনাটো লুকুৱাই ৰখাৰ বাবে ডিচিপি চেণ্ট্ৰেল নয়ডা সুনীতিক পদৰ পৰা অপসাৰণ কৰা হয় আৰু শক্তি মোহন অৱস্তিক তেওঁৰ ঠাইত ডিচিপি চেণ্ট্ৰেল নয়দা হিচাপে নিযুক্তি দিয়া হয় । এই বিষয়ত গাফিলতিৰ বাবে বিছাৰখ থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক অৰবিন্দ কুমাৰ, গৌৰ চহৰৰ আউটপোষ্ট ভাৰপ্ৰাপ্ত ৰমেশ চন্দ্ৰ আৰু উপ-পৰিদৰ্শক মোহিতক নিলম্বন কৰা হৈছে। তেওঁ কয় যে প্ৰশিক্ষাৰ্থী উপ পৰিদৰ্শক অমিত মিশ্ৰক উপ পৰিদৰ্শক অধীনস্থ শ্ৰেণীৰ আৰক্ষী বিষয়াৰ শাস্তি আৰু আপীল নিয়ম ১৯৯১ৰ নিয়ম ৮ (২) খৰ অধীনত সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে।

  • Brahmaputra Times

    Related Posts

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    ডিজিটেল ডেস্কঃ ভাৰতৰ যদি এখন স্বৰ্গ আছে, সেই স্বৰ্গৰ আত্মাটো আছে মেঘালয়ত- মেঘালয়ৰ মাওডিয়াংডিয়াঙত মেঘালয় স্কিল এণ্ড ইনভেচন হাবৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয় দেশৰ উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে। উল্লেখ কৰা…

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ