
গুৱাহাটীঃ দীৰ্ঘদিনীয়া বিসম্বাদৰ অন্তত বিজেপিৰ পৰা পদত্যাগ কৰা নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই শুকুৰবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰিব কংগ্ৰেছত।
‘ন বিজেপি’ৰ পৰা অৱহেলাৰ বলি হোৱাৰ অভিযোগ তুলি যোৱা ২ আগষ্টত বিজেপিৰ পৰা পদত্যাগ কৰিছিল অশোক শৰ্মাই। ১৯৯৬ চনতে বিজেপিত যোগদান কৰি ২০১৬-২০২১লৈ নলবাৰী সমষ্টিৰ বিধায়ক হিচাপে দায়িত্বভাৰ লাভ কৰা অশোক শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও তুলিছিল গুৰুতৰ অভিযোগ।
ইফালে আজি ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা অশোক শৰ্মাৰ কংগ্ৰেছত যোগদান কাৰ্যসূচী। এই অনুষ্ঠানত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। একেটা অনুষ্ঠানতে আন বহু দলত্যাগী নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে।