
নিউজ ডেস্কঃ মেঘালয়ৰ সুপৰিচিত পৰ্যটনস্থলী মাউজিম্বুইন গুহাত হিন্দুৰ পূজা-অৰ্চনাত নিষেধাজ্ঞা আৰোপ কৰা সন্দৰ্ভত অহা ১৪ আগষ্টত শুনানি গ্ৰহণ কৰিব মেঘালয় উচ্চ ন্যায়ালয়ে।
বিষয়টোৰ পূৰ্বে শুনানি গ্ৰহণ কৰাৰ পিছত আদালতে হিন্দু সংগঠন ‘যাত্ৰা’ আৰু মৌছিনৰাম দৰবাৰ শ্বনংৰ মাজত নিষ্পত্তি বিচাৰিবলৈ তাৰিখ নিৰ্ধাৰণ কৰে।
উল্লেখযোগ্য যে উচ্চ ন্যায়ালয়ে ৭ আগষ্টত ইষ্ট খাছী হিলছৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু দৰবাৰ শ্বনংৰ সদস্যসকলক আদালতলৈ মাতি আনিছিল।
মন কৰিবলগীয়া যে, মাউজিম্বুইন গুহাত থকা এটা প্ৰাকৃতিক শিলৰ গঠন ‘শিৱ লিংগ’ বুলি বিশ্বাস কৰি শাওনৰ মাহত একাংশ হিন্দু গোটে তাত পূজা-অৰ্চনা কৰাৰ অনুমতি বিচাৰিছিল।
কিন্তু দৰবাৰ শ্বনঙে মাউজিম্বুইন গুহা কেৱল এক পৰ্যটনস্থলীহে, কোনো ধৰ্মৰ উপাসনাস্থলী নহয় বুলি উল্লেখ কৰি ধৰ্মীয় উপাসনাত নিষেধাজ্ঞা আৰোপ কৰে। যাৰ পিছতে একাংশ হিন্দু গোটে ইয়াৰ বিৰোধিতা কৰা পৰিলক্ষিত হয়।
অসমৰ হিন্দু সংগঠন কুটুম্ব সুৰক্ষা পৰিষদেও দৰবাৰ শ্বনঙে আৰোপ কৰা এই নিষেধাজ্ঞাৰ বিৰোধিতা কৰি মেঘালয়ৰ বিৰুদ্ধে পথ অৱৰোধৰ হুংকাৰ দিয়ে।
যোৱা ৬ আগষ্টত গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাই মেঘালয় ৰাজ্য কৰ্তৃপক্ষৰ পৰা সঁহাৰি বিচাৰে। তেওঁ কয়, ‘আমাক মেঘালয় ৰাজ্যিক কৰ্তৃপক্ষৰ পৰা উত্তৰ লাগে। নহ’লে ইয়াত অসমত আন্তৰিক প্ৰতিবাদৰ সন্মুখীন হ’ব মেঘালয় চৰকাৰ; মেঘালয়লৈ যোৱা সকলো পথ অৱৰোধৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ’ব পাৰে।”