অশান্ত মণিপুৰ! পুনৰ নিহত হ’ল ৪ জন…

ডিজিটেল ডেস্কঃ পুনৰ এবাৰ অশান্ত হৈ পৰিছে উত্তৰ-পূবৰ ৰাজ্য মণিপুৰ। ৰাজ্যখনৰ নিবাসী কুকি জনগোষ্ঠী আৰু ইউ কে এল এফ উগ্ৰপন্থীৰ মাজত সংঘটিত নিহত হয় ৪ জন। নিহত সকলৰ ৩ জন কুকি-জো গাঁওৰক্ষী আৰু এজন উগ্ৰপন্থী বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে পুৱা মালনৌ পল্লেল আৰু মালনোম অঞ্চলত উগ্ৰপন্থী আৰু গাঁওৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। এটা সময়ত দুয়োপক্ষই গুলীচালনা কৰে। তিনিজন গাঁওৰক্ষীৰ মৃত্যুৰ পিছত পাল্লেল গাঁওবাসীয়ে ইউ কে এল এফৰ নেতা এছ এছ হাউপৰ ঘৰত জুই লগাই দিয়ে। বৃহৎ সংখ্যক সেনা আৰু অৰ্ধসামৰিক বাহিনীক এই অঞ্চললৈ প্ৰেৰণ কৰা হৈছে।

মণিপুৰৰ কাংপকপিত কাকত এজেন্সীৰ বাতৰি কাকতৰ কাগজ কঢ়িয়াই নিয়া এখন বাতৰি কাকতৰ ট্ৰাক কুকি উগ্ৰপন্থীয়ে ৰখাই কেইবাখনো বাতৰি কাকতৰ ৰিম জ্বলাই দিয়ে। আজি ৰাজ্যৰ সকলো সাংবাদিক সংগঠনে প্ৰতিবাদত যোগদান কৰে। কোনো নিউজ চেনেলত কোনো খবৰ প্ৰচাৰ হোৱা নাছিল।

প্ৰেছ ক্লাবৰ সন্মুখত সাংবাদিক সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰি এই ঘটনাৰ বাবে ৰাজ্যৰ ডিজিপি, নিৰাপত্তা উপদেষ্টা আৰু অসম ৰাইফলছক জগৰীয়া কৰে। ইম্ফল-ডিমাপুৰ পথৰ নিৰাপত্তা সেনাবাহিনীক গতাই দিবলৈ দাবী উত্থাপন কৰা হয়। বিধানসভাৰ নিৰ্দলীয় বিধায়ক সাপম নিশিকান্তই দাবী কৰে যে অসম ৰাইফলছে নিজৰ কৰ্তব্য সঠিকভাৱে পালন কৰিলে এই ঘটনা সংঘটিত নহ’লহেঁতেন।

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…