
গুৱাহাটীঃ ঐতিহাসিক অসম আন্দোলনৰ অগ্ৰণী নেতা তথা অসম গণ পৰিষদৰ উপ-সভাপতি দিগন্ত শইকীয়াৰ পুত্ৰ গীতাৰ্থ শইকীয়াই আজি অগপ এৰি অসম জাতীয় পৰিষদত যোগদান কৰে৷ লুৰীণজ্যোতি গগৈৰ উপস্থিতিত ডিগবৈত অনুষ্ঠিত এখন সভাত গীতাৰ্থ শইকীয়াই দলটোত যোগদান কৰে৷ গীতাৰ্থ শইকীয়া ডিগবৈ যুৱ উন্নয়ন মঞ্চৰ সংগঠনৰ সভাপতি আছিল৷
ডিগবৈত অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু ডিগবৈ সমষ্টি সমিতিৰ আতিথ্যত অনুষ্ঠিত যোগদান সমাৰোহত গীতাৰ্থ শইকীয়া, বিজেপিৰ টঙনা পঞ্চায়তৰ সম্পাদক বিজয় ওৰাং, বিজেপিৰ সমষ্টি সমিতিৰ সদস্য দীপাংকৰ মেচৰ লগতে বিজেপিৰ বহুসংখ্যক স্থানীয় নেতা-কৰ্মীয়ে দলটোত যোগদান কৰে৷