
নলবাৰীঃ নলবাৰীত তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়ি লৈ গ’ল এগৰাকী ছাত্ৰীৰ। পুৱা কলেজলৈ ওলাই অহাৰ পিছতে সংঘটিত হয় এই ঘটনা।
নলবাৰী জিলাৰ গণেশ মন্দিৰৰ সমীপত এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱায় স্প্ৰিংডেল একাডেমীৰ ছাত্ৰী পায়েল দেৱ নাথৰ।
ক্ষুদ্ৰকটলা বৰসৰকুছিৰ দিলীপ দেৱ নাথৰ কন্যা পায়েলে পুৱা চাইকেল লৈ কলেজলৈ আহিছিল। তাৰ পিছতে তীব্ৰ বেগী ডাম্পাৰখনে মহটিয়াই নিয়ে ছাত্ৰীগৰাকীৰ।
ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰখনে।
ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে স্থানীয় ৰাইজে পথ অৱৰোধ কৰি দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন কৰায়ত্ব কৰিবলৈ দাবী জনায়।