
গুৱাহাটীঃ ৰাজ্য চৰকাৰে জাৰি কৰা শিক্ষক নিযুক্তিত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই নিযুক্তি বিজ্ঞাপনৰ বিৰুদ্ধে শিক্ষক সমাজে দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি সোমবাৰে বিশেষ নিযুক্তিৰ বাবে জাৰি কৰা বিজ্ঞাপনত এমাহৰ অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
উল্লেখ্য যে, চাকৰি নিয়মীয়াকৰণৰ নামত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে যোৱা ৬ আগষ্টত ৩৫ হাজাৰ শিক্ষকৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল।
কিন্তু ঠিকাভিত্তিক শিক্ষকৰ বেতন সুৰক্ষা সন্দৰ্ভত বিজ্ঞাপনত নাছিল স্পষ্টতা। তদুপৰি বিজ্ঞাপনত সময়সাপেক্ষ নিযুক্তিৰ ক্ষেত্ৰতো নাছিল নিশ্চয়তা। ইয়াৰ বাবেই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শিক্ষক সমাজ। উভয়পক্ষৰ শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে এই বিজ্ঞাপনত।