সম্পূৰ্ণ নতুন পদ্ধতিৰে দুৰ্গোৎসৱৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন…

গুৱাহাটীঃ শাৰদীয় দুৰ্গোৎসৱৰ ঠিক পিছতে ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। এই ইংগিত প্ৰদান কৰিছে ৰাজ্যৰ নিৰ্বাচন আয়োগে। উল্লেখ্য যে, এইবাৰ সম্পূৰ্ণ নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। সংশোধিত পঞ্চায়ত আইন অনুসৰি এইবাৰ গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে অনুষ্ঠিত নহ’ব প্ৰত্যক্ষ নিৰ্বাচন। ইয়াৰ বিপৰীতে গাঁও পঞ্চায়তৰ নিৰ্বাচিত ৱাৰ্ডসমূহৰ প্ৰতিনিধিয়েহে নিৰ্বাচিত কৰিব পঞ্চায়ত সভাপতিক। পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে শাসক-বিৰোধীৰ লগতে প্ৰশাসনে।

মন কৰিবলগীয়া যে, এইবাৰ প্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত সদস্য পদত নাথাকিব কোনো ধৰণৰ ৰাজনৈতিক প্ৰতীক। তাৰ পৰিৱৰ্তে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত থাকিব ৰাজনৈতিক প্ৰতীক। বিধানসভাৰ সমষ্টিভিত্তিত গঠন হ’ব প্ৰতিখন পঞ্চায়ত। আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব একে নীতি। ইয়াৰে বাব ৩০ আগষ্টত প্ৰকাশ পাব পঞ্চায়ত পুনঃ গঠনৰ প্ৰথমখন খচৰা। খচৰা প্ৰকাশৰ পিছতে জিলা আয়ুক্তৰ হাতত ৰাইজে দাখিল কৰিব পাৰিব ওজৰ আপত্তি।

প্ৰতিখন আঞ্চলিক পঞ্চায়ত প্ৰতিটো জিলা পৰিষদৰ লগতে প্ৰতিখন উন্নয়ন খণ্ডৰ পুনঃ গঠন প্ৰক্ৰিয়াৰ মাজেৰে প্ৰকাশ পাব খচৰা তালিকা। খচৰা প্ৰকাশৰ পিছতে বিভিন্ন দল-সংগঠন অথবা ব্যক্তিয়ে ৮ ছেপ্টেম্বৰৰ পৰা দাখিল কৰিব পাৰিব ওজৰ-আপত্তি। সকলোৰে মতামত গ্ৰহণ কৰাৰ পিছত ১৭ ছেপ্টেম্বৰত প্ৰকাশ পাব ব্লক পঞ্চায়ত পুনৰ গঠনৰ চূড়ান্ত তালিকা। ৰাজ্য চৰকাৰে প্ৰকাশ পোৱা চূড়ান্ত তালিকাৰ ভিত্তিত অনুষ্ঠিত কৰিব পঞ্চায়ত নিৰ্বাচন। উল্লেখযোগ্য যে চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ৰাজ্যত নতুন পঞ্চায়তে দায়িত্ব ল’ব।

  • Related Posts

    দীপাংকি চৌধুৰী, চম্পক শৰ্মাক সম্বৰ্ধনা অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ

    ব্যক্তিগত খণ্ডৰ স্বাস্থ্য খণ্ডত বিনামূলীয়া সেৱা আগবঢ়োৱা দুগৰাকী লোকক অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছে৷ দক্ষিণ কোৰিয়াৰ সংস্থা নিউৰেপা বায়’টেকন’লজিৰ নগাঁও শাখাৰ স্বত্বাধিকাৰী দীপাংকি চৌধুৰী আৰু নিউৰেপা…

    মাৰ্ঘেৰিটা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাজু চেত্ৰী

    ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰথমগৰাকী প্ৰাৰ্থী ঘোষণা কৰিলে। শিৱসাগৰৰ বিধায়ক আৰু দলৰ সভাপতি অখিল গগৈয়ে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা যুৱ নেতা ৰাজু চেত্ৰীক দলৰ চৰকাৰী প্ৰাৰ্থী হিচাপে ঘোষণা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!