
হোজাই-কাৰ্বি আংলং সীমান্ত বকলীয়াঘাট টকৌবাৰীত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ড৷
মাছ মাৰিবলৈ যোৱাৰ সময়তে দুই যুৱকক নৃশংসভাৱে হত্যা অচিনাক্ত দুৰ্বৃত্তৰ।
সোমবাৰে নিশা সংঘটিত হয় এই হত্যাকাণ্ড।
নিহত দুজনক নীল বৰদলৈ আৰু বিভীষণ বৰদলৈ (লাংফু) বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, নিশা কুঁচিয়া ধৰিবলৈ গৈছিল দুয়োজনে।
কিন্তু পুৱা ভতিজাকে উদ্ধাৰ কৰে দুয়োজনৰে মৃতদেহ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। এই হত্যাকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়াও জানিব পৰা নাই।