
চৰাইদেউঃ চৰাইদেউ জিলাত বিজেপিৰ এগৰাকী নেতাৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
জানিব পৰা মতে, নিহত যুৱকজনক প্ৰাক্তন ছাত্ৰ নেতা তথা বিজেপিৰ বৰহাট চাহ মৰ্চাৰ সভাপতি কাৰ্তিক ওৰাং বুলি চিনাক্ত কৰা হৈছে।
ওৰাঙৰ পৰিয়ালৰ লোকে উল্লেখ কৰে যে সোমবাৰে নিশা ৯ বজাৰ পৰা তেওঁ সন্ধানহীন হৈ আছিল। আজি তেওঁৰ মৃতদেহ বালিজান নদীৰ পৰা উদ্ধাৰ কৰা হয়।
বিজেপি নেতাজনৰ শৰীৰত আঘাতৰ স্পষ্ট চিন আছিল, যাৰ বাবে যুৱ নেতাজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে।