
গুৱাহাটীঃ সঁচাকৈয়ে সকলো সম্পত্তি অসমৰ ৰাইজৰ নামত লিখি থৈ যাব নেকি মুখ্যমন্ত্ৰীৰ পত্নীয়ে। সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল- ৰিণিকি ভূঞাৰ সকলো সম্পত্তি অসমৰ সম্পত্তি বুলি ধৰি থওক।
ৰিণিকি ভূঞাৰ সংবাদ প্ৰতিষ্ঠানটোও এদিন সেই প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰে হ’ব বুলিও মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। পত্নীৰ গুৱাহাটীস্থিত মাটিত মন্দিৰ নিৰ্মাণৰ আশ্বাস দিছিল তেওঁ। কিন্তু…
সোমবাৰৰ পত্নীৰ সম্পত্তি মানেই ৰাইজৰ সম্পত্তি বুলি দম্ভালিপূৰ্ণ মন্তব্য কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ হঠাৎ কথাৰ সুৰ সলনি হ’ল মঙলবাৰৰ সন্ধিয়া। ফেচবুকত লাইভ আহি মুখ্যমন্ত্ৰীয়ে ক’লে- হাঁহি হাঁহিয়ে কথাখিনি কৈছিলো।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে তৰল মন্তব্যই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত। মুখ্যমন্ত্ৰী হৈও লাগ-বান্ধ নথকা কথা কৈ বাতৰিৰ শিৰোণাম দখল কৰি অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ কথা ৰাখি পত্নীৰ সকলো সম্পত্তি অসমৰ ৰাইজৰ নামত লিখি দিয়ক বুলিও দাবী কৰিছে বহুতে।
জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়েও এই প্ৰসংগতে কৰিছে এটা ফেচবুক পোষ্ট। তেওঁ লিখিছে, ”দান কাক কয়? মনত তিলমানো বেজাৰ নৰখাকৈ স্বেচ্ছাই বিলাই দিয়াটোকহে দান বোলে। এখন হাতেৰে দি আনখন হাতেৰে লোৱা; কিবা বিনিময় বা নিজৰ নাম বিচৰা আৰু আনে সেই কাম নকৰা বুলি বিলাপ কৰিব লগা হলে সেয়া দান হৈ নাথাকে।’’
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি আৰু তেওঁৰ মন্তব্যক লৈ ললিত গগৈয়ে আগলৈ লিখিছে, ”মুখ্যমন্ত্ৰীৰ পৰিয়ালে আহৰণ কৰা পৰ্বতসম সা-সম্পত্তিক লৈ বু-বু-বা-বা চলি আছিল; কিন্তু কোনেও সেই সম্পত্তি ৰাইজক দান দিবলৈ দাবী জনোৱা নাছিল। মুখ্যমন্ত্ৰীয়ে নিজেই কথাৰ পাকত সকলো সা-সম্পত্তি ৰাইজক উইল কৰি দিম বুলি কৈ পেলালে। নিজান পৰত হয়তো ভাবিলে এয়া কি কৈ দিলো। সেয়ে কালি নিশা ফেচবুক লাইফযোগে চাফাই দিয়াত নামি গ’ল। তেওঁৰ মতে হাহিঁ হাঁহিহে কথাষাৰ কৈছিলো। তাৰ মানে সেই ঘোষনাত কোনো চিৰিয়াচনেচ নাছিল; চৰ্চিত বিষয়টো পাতলাবলৈহে ওপৰতে কথাষাৰ কৈ দিয়া হৈছিল। তাকে ক’বলৈ গৈ তেওঁ এতিয়া কংগ্ৰেছ নেতাবোৰে; অখিল গগৈয়ে বা গড়ঁৰ চোৰাং খড়গ বেচি সা-সম্পত্তি আহৰণ কৰাজনে কিয় নিজৰ সা-সম্পত্তিবোৰ ৰাইজৰ নামত দান দিয়া নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে। ইয়াকে বাগী মৰা বুলি কয়। নিজেই নিজৰ সম্পত্তি দান দিম বুলি কৈ এতিয়া আনৰ লগত তুলনা কৰি বিলাপ কৰিবলগা হোৱাৰ পিচত আৰু সেয়া দান হৈ নাথাকিব। তেনেকুৱা দানে দানৰ মহত্বই হেৰুৱাব।’’
প্ৰণিধানযোগ্য যে, মুখ্যমন্ত্ৰীৰ পত্নী হোৱাৰ সুবাদতে ৰিণিকি ভূঞা শৰ্মাই য’তে যিয়েই তেওঁৰ ভাল লাগে, সেয়া কুক্ষিগত কৰি অহাৰ অভিযোগ দীৰ্ঘদিনৰ পৰাই উত্থাপন হৈ আহিছে।