

গুৱাহাটীঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডই সমগ্ৰ দেশৰ লগতে ক্ষোভৰ উদগীৰণ তুলিছে অসমতো। চিকিৎসকৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি আজি গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰীসকলে।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সন্থাৰ সভাপতি ডাঃ কুমাৰজ্যোতি ডেকাই কয় যে সমগ্ৰ দেশতে চলি থকা প্ৰতিবাদৰ সৈতে সংহতিৰে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে।
“এয়া এক সংহতিৰ প্ৰতিবাদ। পশ্চিম বংগত ৩-৪ দিন ধৰি প্ৰতিবাদ চলি আছে। সমগ্ৰ ভাৰততে চলি আছে। আমাৰ প্ৰতিবাদ একেই সমৰ্থনত। আৰ জি কৰ মেডিকেল কলেজৰ আমাৰ সহকৰ্মীক আক্ৰমণ কৰা হৈছিল আৰু কৰ্তব্যৰত অৱস্থাত হত্যা কৰা হৈছে, গতিকে আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো।’
তদুপৰি চিকিৎসক সন্থাৰ সভাপতিয়ে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই) আৰু পশ্চিম বংগ চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্তক ন্যায় প্ৰদান কৰিবলৈ অনুৰোধ জনায়।
ডাঃ ডেকাই কয়, “আমি পশ্চিম বংগ চৰকাৰ আৰু চিবিআইক অনুৰোধ জনাইছো যে অতি সোনকালে অভিযুক্তক গ্ৰেপ্তাৰ কৰি আইন অনুসৰি শাস্তি প্ৰদান কৰক।”
ইফালে, আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ তদন্তৰ বাবে আজি পুৱা কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰোৰ উচ্চপদস্থ বিষয়াৰ এটা দলে কলকাতাত উপস্থিত হয়।
কলিকতা উচ্চ ন্যায়ালয়ে গোচৰটো কেন্দ্ৰীয় সংস্থাটোক গতাই দিবলৈ নিৰ্দেশ দিয়াৰ পিছতে চিবিআইৰ এই হস্তক্ষেপ।
বিষয়াসকলৰ মতে, চিকিৎসা আৰু ফৰেনছিক বিশেষজ্ঞৰে গঠিত দলটোৱে ৯ আগষ্টত প্ৰশিক্ষাৰ্থী চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ চেমিনাৰ হল পৰিদৰ্শন কৰিব।