
গুৱাহাটীঃ ৰাজ্যত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়তে বুধবাৰে বৰাক উপত্যকাৰ কৰিমগঞ্জ আৰু কাছাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় ৪ কোটি টকা মূল্যৰ হেৰ’ইন।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সযোগে এই অভিযানৰ বিষয়ে প্ৰকাশ কৰি জানিবলৈ দিয়া মতে, ড্ৰাগছখিনিৰ সৰবৰাহত জড়িত থকাৰ অভিযোগত ৩ জন লোকক আটক কৰা হয়।
কৰিমগঞ্জ আৰু কাছাৰত অসম আৰক্ষীয়ে দুটা পৃথক অভিযান চলাই এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰে।
আৰক্ষীয়ে সদৰী কৰা মতে, কৰিমগঞ্জৰ গিলাইটি পাহাৰত চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহন আটক কৰি ৩০৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰা হয়। জব্দকৃত হেৰ’ইনখিনিৰ মূল্য প্ৰায় ১.৯০ কোটি টকা বুলি অনুমান কৰা হৈছে।
ইফালে একে সময়তে আন এটা অভিযানত কাছাৰ আৰক্ষীয়ে সোণাইত এজন ব্যক্তিক আটক কৰে আৰু সম্পূৰ্ণ তালাচীৰ পিছত তেওঁৰ হাতৰ পৰা ২ কোটি টকা মূল্যৰ ৩৩০.০৭ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে।