

ডিজিটেল ডেস্কঃ বিবাহ পাশত আৱদ্ধ হ’ব নেকি ২০২৪ৰ পেৰিছ অলিম্পিকত পদক বিজয়ী দুই ভাৰতীয় এথলিট মনু ভাকেৰ আৰু নীৰজ চোপ্ৰাৰ? শেহতীয়াকৈ সামাজিক মাধ্যমত এটা ভিডিঅ’ চৰ্চালৈ অহাৰ পিছতে নেটিজেনে জল্পনা-কল্পনা আৰম্ভ কৰিছে মনু আৰু নীৰজৰ বিয়াৰ।
উল্লেখ্য যে, শেহতীয়াকৈ মনু ভাকেৰৰ মাতৃৰ সৈতে এক অনুষ্ঠানত মিলিত হৈছিল অলিম্পিকত পদকজয়ী জেভেলিন থ্ৰোৱাৰ নীৰজ চোপ্ৰা। সেই সময়ত তেওঁলোকৰ লগত উপস্থিত আছিল মনু ভাকেৰো। তিনিওৰে মাজৰ সেই অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে একাংশ নেটিজেনে মনু ভাকেৰ আৰু নীৰজ চোপ্ৰাৰ বিবাহৰ জল্পনা-কল্পনা আৰম্ভ কৰে।
অৱশ্যে এনেধৰণৰ গুজৱ খাৰিজ কৰিছে মনু ভাকেৰৰ পিতৃ ৰাম কিষাণে। এটা সংবাদ মাধ্যমৰ সৈতে কথা-বাৰ্তাৰ সময়ত ৰাম কিষাণে কয়, ”মনু এতিয়াও বহু সৰু হৈ আছে। এয়া তাইৰ বিয়াৰ সময় নহয়। আমি এই বিষয়ে এতিয়া চিন্তা কৰা নাই।’’
ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱা ভিডিঅ’টো সন্দৰ্ভত মনুৰ পিতৃয়ে কয়, ”নীৰজক মনুৰ মাতৃয়ে নিজৰ পুত্ৰৰ দৰে ভাৱে, সেয়ে তেওঁলোকৰ মাজত এক গভীৰ সম্পৰ্ক থকাটো স্বাভাৱিক।’’
কন্যাৰ বিয়া সন্দৰ্ভত পিতৃয়ে কয়, ”মনুৱে অলিম্পিকত পদক জয় কৰাৰ কথা যিদৰে সমগ্ৰ দেশে গম পাইছিল, সেইদৰে তাইৰ বিয়াৰ কথাও সমগ্ৰ দেশে গম পাব।’’