ভাল খবৰ! এইখন ৰাজ্যৰ চৰকাৰী-ব্যক্তিগত খণ্ডত কৰ্মৰত মহিলা-যুৱতীয়ে মাহেকীয়াৰ সময়ত লাভ কৰিব বিশেষ ছুটী

ডিজিটেল ডেস্কঃ মাহেকীয়াৰ সেই দিনকেইটা আন এক কঠিন সংগ্ৰামৰ মাজেৰে পাৰ কৰিবলগীয়া হয় প্ৰতিগৰাকী মহিলাই। কিন্তু এইখিনি সময়তো স্বাভাৱিক দিনৰ দৰেই পৰিশ্ৰম কৰিবলগীয়া হয় বহু মহিলাই। অফিচ-কাচাৰীতেই হওক বা ঘৰতেই হওক মাহেকীয়াৰ দিনকেইটাত কৰিবলগীয়া হোৱা পৰিশ্ৰমে মহিলাৰ শৰীৰৰ ওপৰত যথেষ্ট প্ৰভাৱ পলায়। বিশেষকৈ অফিচলৈ যাবলগীয়া মহিলাসকলৰ বাবে অধিক কষ্টকৰ হৈ পৰে এই দিন কেইটা। এনে পৰিস্থিতিত এতিয়া মহিলাসকলৰ বাবে এক ভাল খবৰ প্ৰদান কৰিছে ওড়িশা চৰকাৰে। ৰাজ্যখনৰ সকলো চৰকাৰী বা ব্যক্তিগত কাৰ্যালয়তে মহিলাসকলক তেওঁলোকৰ মাহেকীয়াৰ সময়ছোৱাত ছুটী দিয়াৰ ঘোষণা কৰে চৰকাৰখনে।

উপ-মুখ্যমন্ত্ৰী পি পাৰিদাই বৃহস্পতিবাৰে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ মহিলা কৰ্মচাৰীৰ বাবে এদিনীয়া ঋতুস্ৰাৱৰ ছুটীৰ কথা ঘোষণা কৰে। অৱশ্যে এই ছুটী ঐচ্ছিক হ’ব। মহিলা আৰু শিশু উন্নয়ন বিভাগৰ দায়িত্বতো থকা পি পাৰিদাই কটকত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই ঘোষণা কৰে। তেওঁ কয়, ‘মহিলা কৰ্মচাৰীয়ে ঋতুচক্ৰৰ প্ৰথম বা দ্বিতীয় দিনা ছুটী ল’ব পাৰে। কিন্তু এই ছুটী ঐচ্ছিক হ’ব।”

উল্লেখ্য যে, কেনিয়াৰ নাইৰোবিত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ নাগৰিক সমাজ সন্মিলন ২০২৪ত এগৰাকী ওড়িয়া যুৱতীয়ে মাহেকীয়াৰ সময়ত দৰমহাযুক্ত ছুটীৰ দাবী জনাই মাত মাতিছিল। ইয়াৰ উপৰিও ৰাজ্যৰ মহিলা কৰ্মী ৰঞ্জিতা প্ৰিয়াদৰ্শনীয়েও আন্তৰ্জাতিক সন্মিলনত মহিলাক পিৰিয়ডৰ সময়ত ছুটী দিয়াৰ সন্দৰ্ভত সকলো প্ৰতিনিধিৰ সন্মুখত এই কথাটো উত্থাপন কৰিছিল। তেওঁ যুক্তি দিছিল যে সমগ্ৰ বিশ্বৰ মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত বহু সমস্যাৰ সন্মুখীন হয়।

মন কৰিবলগীয়া যে ওড়িশাৰ আগতে বিহাৰ আৰু কেৰালাত ঋতুস্ৰাৱৰ ছুটী দিয়া হয়। বিহাৰ চৰকাৰে ১৯৯২ চনত পিৰিয়ড ছুটী দিয়াৰ নীতি নিৰ্ধাৰণ কৰিছিল। ইয়াৰ অধীনত মহিলাসকলে প্ৰতিমাহে ২ দিনৰ দৰমহাযুক্ত ঋতুস্ৰাৱৰ ছুটী লাভ কৰে। একে সময়তে কেৰালাই ২০২৩ চনত সকলো বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ কন্যা ছাত্ৰীক পিৰিয়ড ছুটী দিয়াৰ ব্যৱস্থা কৰিছে।

দেশত সময়ে সময়ে মাহেকীয়া ছুটীৰ দাবী উত্থাপন হৈ আহিছে যদিও এইবাৰ বিতৰ্কৰ সৃষ্টি হৈছে। যোৱা বছৰ তদানীন্তন মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীয়ে এই বিষয়ত এনে এটা কথা কৈছিল যে সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি কৰিছিল। স্মৃতি ইৰাণীয়ে কৈছিল যে ‘পিৰিয়ডৰ বাবে ছুটীৰ প্ৰয়োজন নাই। এয়া কোনো ৰোগ বা অক্ষমতা নহয়।’ ইৰাণীয়ে আৰু কৈছিল যে ঋতুস্ৰাৱ জীৱনৰ এক স্বাভাৱিক অংশ আৰু ইয়াক বিশেষ ছুটীৰ ব্যৱস্থাৰ প্ৰয়োজন হোৱা বাধা হিচাপে গণ্য কৰা উচিত নহয়।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে