অসমত এতিয়া অদক্ষ নেতাৰ শাসন, জেহাদক লৈ ৰাজনীতি কৰা মুখ্যমন্ত্ৰী আইন-শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থঃ ভূপেন বৰা

গুৱাহাটীঃ দক্ষ নহয়, অসমত এতিয়া অদক্ষ আৰু বাকচতুৰ নেতা এজনৰ শাসন চলিছে। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখন সকলো দিশতে একপ্ৰকাৰ ব্যৰ্থ হৈছে। তেনে ব্যৰ্থতা থাকিবলৈ আৰু মূল ইছ্যুসমূহৰ পৰা মানুহৰ মনোযোগ আঁতৰ কৰিবলৈ ‘জেহাদ’ৰ দৰে শব্দ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱহাৰ কৰি আহিছে। স্বাধীনতা দিৱসৰ দিনটোতে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে কুৰিৰো অধিক স্থানত বোমা সংস্থাপন কৰাৰ বিষয়টো উল্লেখ কৰি মাইক্ৰ’ব্লগিং ছাইট ‘এক্স’ (পূৰ্বৰ টুইটাৰ) যোগে এইদৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই।

কংগ্ৰেছ নেতাগৰাকীয়ে টুইটটোত কয়, ”বিকশিত অসমৰ ফোপোলা স্বৰূপ ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে জেহাদ আদিৰ দৰে শব্দ কিছুমান ব্যৱহাৰ কৰি আহিছে। স্বাধীনতা দিৱসৰ দিনটোতে ২৫টাকৈ স্থানত আলফা স্বাধীনে বোমা সংস্থাপন কৰা ঘটনাটো চোৰাংচোৱা আৰু সুৰক্ষাজনিত ব্যৰ্থতা। কিবা এটা হোৱা হ’লে বহু নিৰীহলোকৰ প্ৰাণহানি হ’লহেতেন আৰু সম্পদৰ হানি হ’লহেতেন। এয়া হৈছে দায়িত্বসহকাৰে কাম কৰাৰ সময়, কেৱল এনেই শূন্য শ্ল’গান আওৰাই থকাৰ সময় নহয়।’’

টুইটটোত ভূপেন বৰাই আৰু কয় যে ‘Awesome Assam’ৰ পৰিৱৰ্তে ”Awful Assam’ত এতিয়া চলিছে অপৰিপক্ক নেতা নেতৃত্বাধীন চৰকাৰৰ শাসন। ইফালে, আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়ত সংবাদিকৰে হোৱা বাৰ্তালাপত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে তেওঁ কাৰোবাৰ ষড়যন্ত্ৰ আৰু ভাবুকিলৈ ভয় কৰা মানুহ নহয়।

দেশৰ স্বাধীনতাৰ বাবে শ্বহীদ হোৱা মণিৰাম দেৱান, গোমধৰ কোঁৱৰ আদিৰ তালিকাত নিজৰ নাম লিখিবলৈ ভালপাব বুলি উল্লেখ কৰি বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভয় আৰু ভাবুকিৰে কংগ্ৰেছী নেতাসকলক দমন কৰাৰ অপচেষ্টা চলাইছে। আয়কৰ বিভাগৰ তৰফৰ পৰা তেখেতলৈ এখন আয়-ব্যয়ৰ হিচাপৰ জাননী জাৰি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ নিকৃষ্ট ৰাজনীতিৰ পৰিচয় দিয়া বুলি উল্লেখ কৰি বৰাই কয়, ”কংগ্ৰেছত যদি কোনোবা অবৈধ সম্পত্তি গঢ়া লোক আছিল সেইসকল ইতিমধ্যে বিজেপিলৈ গৈ ৱাশ্বিং মেচিনত নিকা হৈছে। এতিয়াৰ কংগ্ৰেছীয়ে হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে।’’ ৰাজীৱ ভৱনত আজি শ শ লোকৰ উপস্থিতিত সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰিবৰ বাবে কংগ্ৰেছ নেতা-কৰ্মীক একত্ৰিত হ’বলৈ ভূপেন বৰাই আহ্বান জনায়।

ইফালে, কংগ্ৰেছৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি সংকটৰ সময়ত দল পৰিচালনা কৰা প্ৰাক্তন মন্ত্ৰী তথা এসময়ৰ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য হৈ উত্তৰ-পূৰ্বাঞ্চলক নেতৃত্ব দিয়া ড০ হেমপ্ৰভা শইকীয়াক আজি সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা গ্ৰহণ কৰি ড০ শইকীয়াই কয় যে দেশ আৰু জাতিৰ হকে তেওঁৰ পৰিয়ালে দীৰ্ঘদিন ধৰি আত্মউৎসৰ্গা কৰি আহিছে। তেওঁৰ স্বামী হিতেশ্বৰ শইকীয়াই অসমৰ নতুন প্ৰজন্মৰ উত্তৰণৰ বাবে জীৱন উৎসৰ্গা কৰা বুলিও ড০ শইকীয়াই উল্লেখ কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা নৃপেন ঠাকুৰীয়া, বলীন কুলী, মেহদী আলম বৰা, বিধায়ক ৰেকিবুদ্দিন আহমেদ, মীৰা বৰঠাকুৰ, ৰামান্না বৰুৱা, ৰাজেশ যোশী, কুশল শৰ্মা প্ৰমুখ্যে নেতাসকল আজি ৰাজীৱ ভৱনৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে।

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ