
ধৰ্মীয় অনুষ্ঠানৰ মাহ-প্ৰসাদ খাই গুৰুতৰভাৱে অসুস্থ চিমেন চাপৰিৰ কেইবাখনো গাঁৱৰ বাসিন্দাৰ, এগৰাকী মহিলাৰ মৃত্যুজোনাইঃ ধৰ্মীয় অনুষ্ঠানৰ মাহ-প্ৰসাদ খাই গুৰুতৰভাৱে অসুস্থ হৈ পৰিল জোনাইৰ চিমেন চাপৰিৰ কেইবাখনো গাঁৱৰ বাসিন্দা। খাদ্যৰ বিষক্ৰিয়াৰ ফলত ইতিমধ্যে এগৰাকী মহিলাৰ মৃত্যু ঘটাৰ লগতে হাস্পতালত চিকিৎসাধীন হৈ আছে মহিলা-শিশুকে ধৰি ১৩২ জন লোক।
মৃত মহিলাগৰাকীক চিমেন চাপৰিৰ ডেকা শান্তিপুৰ গাঁৱৰ নিৱাসী শৰ্মিলা স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে।
বাতৰি অনুসৰি, ১৩ আগষ্টৰ দিনাখন জোনাইৰ চিমেন চাপৰি আঞ্চলিক বাথৌ মন্দিৰত আনুষ্ঠিত প্ৰাৰ্থনাৰ মাহ-প্ৰসাদ খোৱাৰ পিছতে অসুস্থ হৈ পৰে ১নং নাওকাটা, ৰাওন শান্তিপুৰ, ডেকা শান্তিপুৰ, জাৰ্মনবাৰী আদি গাঁৱৰ প্ৰায় ১৩২ গৰাকী পুৰুষ-মহিলা আৰু শিশু।
বমি, তীব্ৰ পেটৰ বিষ আৰু ডিচেণ্ট্ৰিৰ দৰে ৰোগত আক্ৰান্ত হোৱা লোকসকলক ডেকাপাম আৰু চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও পিছত একাংশ আক্ৰান্তক উন্নত চিকিৎসাৰ বাবে চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইফালে চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে শৰ্মিলা স্বৰ্গীয়াৰী নামৰ মহিলাগৰাকীৰ।
বৰ্তমানেও খাদ্য বিষক্ৰিয়াত আক্ৰান্ত ১৩২জন লোক ডেকাপাম আৰু চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, চিলাপথাৰ আদৰ্শ চিকিৎসালয় আৰু ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।