
গুৱাহাটীঃ স্বাধীনতা দিৱসৰ দিনাই নিষিদ্ধ ঘোষিত সংগঠন আলফা( স্বাধীন)এ ৰাজ্যখনৰ বিভিন্ন জিলাৰ ২৫ টাকৈ স্থানত বোমা সংস্থাপনৰ বিষয়টোত চৰকাৰৰ গৃহ বিভাগৰ ব্যৰ্থতা সন্দৰ্ভত এক সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে।
ডাঃ চৌধুৰীয়ে কয়, “আলফাৰ এই কূটাঘাতমূলক কাৰ্যই বৰ্তমান ৰাজ্যখনৰ গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষী তথা চোৰাংচোৱা বিভাগৰ লজ্জাজনক ব্যৰ্থতা উদঙাই দিছে। এনে এটা ঘটনা আলফাৰ প্ৰেছ বিজ্ঞপ্তিৰ পাছতহে আৰক্ষী তথা চোৰাংচোৱাৰ দৃষ্টিগোচৰ হৈছে। যদি সচাঁকৈয়ে আলফাই দাবী কৰা অনুসৰি কোনো বিজুতি নোহোৱাকৈ বোমা বিস্ফোৰণ সংঘটিত হলহেঁতেন, তেতিয়া এক ভয়াবহ পৰিস্হিতিৰ সৃষ্টি হ’লহেঁতেন।”
সংবাদমেলত উপস্থিত থকা আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই গৃহ বিভাগ তথা অসম আৰক্ষীৰ ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ হয়। আপৰ নেত্ৰী গৰাকীয়ে কয়, “যি সময়ত মুখ্যমন্ত্ৰীয়ে অনাহকতে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাৰে ৰাজ্যখনত এক হিংসা বিদ্বেষৰ পৰিবেশ সৃষ্টি কৰিব বিচাৰিছে, সেই সময়তে নিজৰ দপ্তৰ চম্ভালিব নোৱাৰি তেওঁ চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিছে। এনে অৱস্থাত শীঘ্ৰেই গৃহ বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰা উচিত। কিয়নো ৰাজ্যখনৰ আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত তেওঁ চূড়ান্ত ব্যৰ্থতাৰ পৰিচয় দিছে।’’
আপ নেত্ৰীগৰাকীয়ে লগতে কয়, ”পূৰ্বে মুখ্যমন্ত্ৰীয়ে নিজেই দাবী কৰা অনুসৰি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে মাজে সময়ে তেওঁৰ বাৰ্তালাপ হৈয়ে থাকে। এনে অৱস্থাত ৰাজ্যজুৰি বোমা সংস্থাপিত কৰাৰ ঘটনা ৰহস্যৰ বিষয় হিচাপে পৰিগণিত হৈছে। আশ্চৰ্যকৰ ভাবে যোৱাকালি এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্য চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী গৰাকীৰ চকুৱে মুখে কোনো উদ্বিগ্নতাৰ ভাব পৰিলক্ষিত হোৱা নাই। এয়া ৰহস্যজনক।”
উল্লেখ্য যে, সংবাদমেলত আম আদমী পাৰ্টিৰ আন এগৰাকী নেতা অম্লানজ্যোতি হাতীবৰুৱাও উপস্থিত থাকে।