
গুৱাহাটীঃ ৰাজ্যৰ ২৫ স্থানত আলফা স্বাধীনে বোমা স্থাপনৰ পাছতে ৰাজ্যজুৰি ভয় আৰু আতংকময় পৰিৱেশ দেখা গৈছে৷ যোৱা দুটা দিনত অসম আৰক্ষীয়ে সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ সৈতে লগলাগি কেইবাটাও ঠাইৰ পৰা বোমাসমূহ উদ্ধাৰ কৰিছে৷ আৰক্ষীয়ে তীব্ৰ অভিযান চলাই বোমা উদ্ধাৰৰ পাছতে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে অসাম পাব্লিক ৱাৰ্কছৰ নেতা অভিজিৎ শৰ্মাই৷ আজি গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয়৷
অভিজিৎ শৰ্মাই আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি কয় ‘‘পৰেশ বৰুৱাৰ শান্তিপূৰ্ণ বোমা বিস্ফোৰণ অসফল৷ পৰেশ দাদা আৰু মুখ্যমন্ত্ৰী ভাইটি, এই দাদা-ভাইটিৰ লিলিমাই বন্ধ কৰক৷ গুৰুত্ব সহকাৰে লওক, এয়া ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি৷ যিয়ে পৰেশ বৰুৱাক জানে তেওঁ ভালকৈ জানে যে, যদি তেওঁ হাঁহি কিবা এটা কৈছে তেন্তে গম পাব যে তেওঁ পিছফালে বেলেগ কিবা অংক কৰি আছে৷’’ শৰ্মাই বাংলাদেশত ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ’লেই আলফা স্বাধীন সক্ৰিয় হোৱাৰ আশংকা প্ৰকাশ কৰিছে৷ শৰ্মাই কয় ‘‘বাংলাদেশৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ’লে পৰেশ বৰুৱাই তাত পুনৰ স্থান পাব৷ এয়া আমাৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী৷ ম্যানমাৰতকৈ বাংলাদেশ বেছি সুৰক্ষিত৷ আগতে বাংলাদেশত আলফাৰ নেতাসকলৰ ব্যৱসায় আছিল৷ পুনৰ বাংলাদেশত সোমাৱাৰ সুবিধা পালে অসম ৰক্তাক্ত কৰিব বুলি কয় শৰ্মাই৷