
গুৱাহাটীঃ ”মোক চিআইডিয়ে মাতিছে, মই চিআইডিৰ অফিচলৈ যাম। মোক ইনকাম টেক্সে মাতিছে, মই ইনকাম টেক্সৰ অফিচলৈ যাম। কিন্তু মই ৰাইজৰ সমুখত প্ৰতিজ্ঞা কৰি কৈছো যে কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ ১০০ দিনৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি, হিমন্ত চৰকাৰৰ মন্ত্ৰীসকলৰ দুৰ্নীতিৰ সকলো হিচাপ কৰা হ’ব আৰু অবৈধভাৱে তেওঁলোকে আহৰণ কৰা সকলো সম্পত্তি ৰাজভৰাললৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিম।’’-দৰং জিলাৰ ছিপাঝাৰত আজি এখন সভাত অংশগ্ৰহণ কৰি এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। ছিপাঝাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত সভাখনত ভাষণ প্ৰদান কৰি সভাপতি বৰাই স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ একাধিক স্থানত আলফাই বোমা সংস্থাপন কৰা কাৰ্য সন্দৰ্ভতো চৰকাৰক ওভতি ধৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে ফ্লাড জেহাদ, লাভ জেহাদ আদিৰ দৰে অদৰকাৰী কথাত লাগি থাকোতে আলফাই বোমা স্থাপন কৰি থৈ গ’ল। সভাপতি বৰাই কয়, ”মুখ্যমন্ত্ৰীগৰাকী যে গৃহবিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছে সেই কথা তেওঁ পাহৰি গৈছে। আলফাই যদি ২৫খনকৈ ঠাইত বোমা সংস্থাপন কৰিব পাৰিছে তেন্তে ইচ্ছা কৰিলে ফুটাবও পাৰিব। গতিকে মুখ্যমন্ত্ৰী এশ শতাংশই ব্যৰ্থ হৈছে। গৃহ বিভাগ অকৰ্মণ্য হৈ পৰিছে।’’
আনহাতে সভাৰ শেষত সাংবাদিকে উপ-নিৰ্বাচন সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত বৰাই কয় যে ১৮ বিৰোধী দলৰ ঐক্যমঞ্চই ৫টাকৈ বিধানসভা সমষ্টিত হ’বলগীয়া এই নিৰ্বাচনত একেলগে অৱতীৰ্ণ হ’ব। বঙাইগাঁও সমষ্টিত ৰাইজৰ দলে আৰু বিহালী দলত চিপিএমআইএল দলে প্ৰাৰ্থী প্ৰক্ষেপৰ প্ৰস্তাৱ দিছে বুলিও বৰাই জানিবলৈ দিয়ে। অৱশ্যে এই সম্পৰ্কে ঐক্য মঞ্চৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি ভূপেন বৰাই মন্তব্য কৰে। হিমন্ত চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলো বিৰোধী দল একত্ৰিত হোৱাতো অসমৰ ৰাইজে বিচাৰিছে বুলি উল্লেখ কৰি কংগ্ৰেছে ৰাইজৰ মতক সন্মান জনাব বুলিও বৰাই কয়। অহা পঞ্চায়ত নিৰ্বাচনত লোকসভা নিৰ্বাচনতকৈয়ো কংগ্ৰেছে যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সমৰ্থ হ’ব বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে। উল্লেখ্য যে এই সভাতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ উপস্থিতিত বিজেপি আৰু বিপিএফ দলৰ ৩০গৰাকীৰো অধিক স্থানীয় নেতাই কংগ্ৰেছ দলত যোগদান কৰে। আজিৰ সভাখনত প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, আৰপি শৰ্মা, দিনদিয়েক পূৰ্বে বিজেপি এৰি কংগ্ৰেছত যোগ দিয়া নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাকে আদি কৰি একাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।