আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ ২৫ স্থানত আলফা স্বাধীনে বোমা স্থাপনৰ ঘটনাক লৈ চৰকাৰৰ ব্যৰ্থতাক সমালোচনা কৰে লুৰীণজ্যোতি গগৈয়ে৷ লুৰীণজ্যোতি আজি গুৱাহাটীত সংবাদ মাধ্যমত সম্বোধন কৰি চোৰাংচোৱা, আৰক্ষী আৰু গৃহ বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি অভিযোগ আনে৷ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগো দাবী কৰে৷
লুৰীণজ্যোতি গগৈয়ে কয় যে চোৰাংচোৱা, অসম আৰক্ষী আৰু গৃহ বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হৈছে৷ ২৫টা স্থানত বোমা সংস্থাপনৰ সুযোগ পোৱাটোৱেই চৰকাৰৰ ব্যৰ্থতা উদঙাই দিছে৷ মুখ্যমন্ত্ৰীয়ে ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে৷ বোমা সংস্থাপন কৰি আলফাই ঠাইৰ তালিকা প্ৰকাশ কৰিছে৷ তাৰ পিছতো বোমা উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে৷